৪২ বছৰৰ পিছত দহটাৰ স্থানত বড়ো মাধ্যমত ছাত্ৰ বিবুংছাৰ বসুমতাৰী

কোকৰাঝাৰ, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিটিএডিৰ কোকোৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাস্কা জিলাৰ ফলাফল অতি নিৰাশজনক৷ বিটিএডিৰ কোকোৰাঝাৰ আৰু ওদালগুৰি জিলাৰ উৰ্ত্তীণৰ হাৰ ৰাজ্যৰ ভিতৰতে দ্বিতীয় আৰু তৃতীয় সৰ্বনিম্ন৷ কোকোৰাঝাৰ আৰু ওদালগুৰি জিলাৰ উৰ্ত্তীণৰ হাৰ ক্ৰমে ৩১.৭৭ আৰু ৩৫.৪৯ শতাংশ৷ আনহাতে বাস্কা জিলাৰ উৰ্ত্তীণ হাৰ হৈছে ৪৪.০৩ শতাংশ৷ চিৰাং জিলাৰ উৰ্ত্তীণ হাৰ বাকী জিলা কেইখনতকৈ কিছু ভাল৷ চিৰাং জিলাত মুঠ ৪৬.৪৩ শতাংশ শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছে৷ জিলাকেইখনৰ চৰকাৰী খণ্ডৰ গৰ্ভমেন্ট হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পোছ স্কুল আৰু কোকোৰাঝাৰ গালৰ্ছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ উৰ্ত্তীণ হাৰ ক্ৰমে ১৩ শতাংশ আৰু ২৫ শতাংশ৷ অৱশ্যে বিটিএডিৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ফলাফল আশাজনক৷ কোকোৰাঝাৰৰ ব্যক্তিগত খণ্ডৰ বড়ো মাধ্যমৰ বিদ্যালয় ইউ এন একাডেমীৰ উৰ্ত্তীণৰ হাৰ ৮৮.৬৭ শতাংশ৷ একেদৰে অসমীয়া মাধ্যমৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উৰ্ত্তীণৰ হাৰ ৯৫ শতাংশ৷ বিটিএডিৰ এই নিৰাশজনক ফলাফলৰ মাজতে বৰপেটা ৰোডৰ ইউ এন একাডেমীৰ বিবুংছাৰ বসুমতাৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰাত জিলাখনত আনন্দৰ বন্যা বোৱাইছে৷ বিবুংছাৰ বসুমতাৰী ৪২ বছৰৰ পিছত প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰা একমাত্ৰ বড়ো মাধ্যমৰ ছাত্ৰ৷