মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

১৭ অক্টোবৰ

বিটিআৰ চুক্তিয়ে সকলো জনগোষ্ঠীৰ উন্নয়নৰ এক তৰাণ্বিত জাগৰণ দিব ৷ এই চুক্তিয়ে এই অঞ্চলৰ পৰা হত্যা , হিংসা, অপহৰণ, গোষ্ঠী সংঘৰ্ষৰ জৱনিকা আনিলে৷ এই ভাষ্য ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা দলৰ মুখ্য উপদেষ্টা উৰ্খাও গৌড়া ব্ৰক্ষৰ৷ বি টি চিৰ ৬ নং কচুগাঁও সমষ্টিৰ ইউপিপিএল দলৰ ব্লক সমিতিৰ উদ্যোগত সমষ্টিটোৰ উওৰ চেকাদানীত বিশাল জনসভাৰ আয়োজন কৰে৷

উক্ত জনসভাত ইউ জি ব্ৰক্ষই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি আৰু কয় যে বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কাল বিটিচি বাসীয়ে হাড়ে হিমুজে উপলব্ধি কৰি এই দলক বিদায় দিয়াৰ নিমিওে সকলো জাতি জনগোষ্ঠীৰ লোক ইউপিপিএল মুখী হৈছে৷ এইবেলি স্বয়ং ভগৱান নামি আহিলেও বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে ব্ৰহ্মাই। এইবাৰ বিটিচিত ইউপিপিএল দলৰে চৰকাৰ হ’ব সেয়া খাটাং৷ বিৰোধী দলসমুহৰ হাতত বৰ্তমান কোনো ইচ্ছু নাই সেই কাৰনে বিৰোধী দল সমুহে ইউপিপিএল দল শাসনত আহিলে অন্য গোষ্ঠীৰ লোকসকল ভুমিৰ অধিকাৰ হেৰুৱাব, ব্লেট ব্লকৰ পৰা আৰু খাচ মাটিৰ পৰা উচ্ছেদ কৰিব নানা আভুৱা ভৰা কথাৰে ৰাজনীতি কৰি আছে৷ এনেবোৰ ভিওিহীন কথাত যাতে ৰাইজ কান নিদিয়ে তাৰ বাবে আহ্বান জনায় ব্ৰক্ষই৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰো বড়-অবড়োৰ ৰাজনীতিৰ কৰাৰো দিন উকলিব৷ কাৰণ ৰাইজেও বুজি পাইছে শৰণীয়াৰ আচল স্বৰূপ৷ বিটিআৰত সকলো জনগোষ্ঠীৰ ভাষা, সংস্কৃত, ধৰ্ম অটুট থাকিব, বিৰোধীৰ অপ প্ৰচাৰত ৰাইজ অহেতুক চিন্তা সমুলি পৰিত্যাগ কৰি নিচিন্তে জীৱন যাপন কৰক৷

কচুগাঁও ব্লক ইউপিপিএলৰ সভাপতি অৰ্জুন নাৰ্জাৰীৰ পৰিচালনাত অনুষ্ঠিত জনসভাত এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেন্স ইচলাৰী, ইউ পি পিএল দলৰ সম্পাদকদ্বয় ৰাজু নাৰ্জাৰী, শকত আলী আহমেদ, প্ৰাক্তন এম চি এল এ যতীৰীন্দ্ৰ ব্ৰক্ষ, ইউপিপিএল দলৰ মহিলা গোটৰ সম্পাদিকা বিউটি বসুমাতাৰী আদিয়ে ইউপিপিএল দলৰ নীতি আদৰ্শৰ ওপৰত ভাষণ আগবঢ়ায় লগতে সমষ্টিটোৰ প্ৰাৰ্থী উকিল মুছাহাৰীক বিপুল ভোটত জয়ী কৰাবৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনায়৷ উক্ত জনসভাত বিভিন্ন দল ত্যাগ কৰি শতাধিক পুৰুষ মহিলা ইউপিপিএল দলত যোগদান কৰে৷ নতুনকৈ দলত যোগদানকাৰী সকলক ফুলাম গোমাছাৰে আদৰি লয় ইউপিপিএল দলৰ নেতা-নেএী সকলে৷ জনসভাত প্ৰায় তিনি হেজাৰ পুৰুষ মহিলা উপস্থিত থাকে৷