মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২১ নৱেম্বৰ

বিটিচিত সুষ্ঠুভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী গণ সুৰক্ষা পাৰ্টিৰ। বিটিচি নিৰ্বাচনত বেলট চুৰি কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াবহ হ’ব বুলি সকীয়ানি নৱ কুমাৰ শৰণীয়াৰ। ৰাইজে নিজেই মুক্ত আৰু নিকাভাৱে তথা সুষ্ঠু পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে বিটিচিবাসী ৰাইজক আহ্বান নৱ কুমাৰ শৰণীয়াৰ।

কৰ’ণা মহামাৰীৰ অজুহাত দেখুৱাই বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ অন্তৰালত বিজেপি, ইউপিপিএল তথা বিপিএফ দলে নিজৰ থৰকবৰক স্থিতিক মজবুত কৰাৰ গভীৰ ষড়যন্ত্ৰ নিহিত থকাৰ উপৰি চাৰিটা জিলাত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অন্তৰালতো গভীৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰিছে গণ সুৰক্ষা পাৰ্টিৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ শিমুলটাপুত দলীয় প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি সাংসদ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে বিটিআৰবাসী ৭০ শতাংশ ৰাইজৰ সকলো অধিকাৰ কাঢ়ি লোৱাৰ বাবে বিজেপি, ইউপিপিএল আৰু বিপিএফ দলে শান্তি চুক্তিৰ নামত শেহতীয়াকৈ যি চুক্তি সম্পাদন কৰিছে সেই সাংঘাতিক চুক্তি ৰূপায়ন হ’লে বিটিআৰৰ অবড়ো ৰাইজৰ কোনো অধিকাৰ নাথাকিব। এই চুক্তিৰ সংশোধন কৰিবলৈ হ’লে বিটিচিৰ শাসন ক্ষমতা অবড়োৰ হাতত অহাটো খুবেই জৰুৰী।বিটিচিৰ ৭০ শতাংশ ৰাইজৰ স্বাৰ্থত গঠন কৰা গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিয়ে এইবেলি বিটিচি দখল কৰাটো নিশ্চিত হৈ পৰিছে। এই চৰম সত্য কথাটো বুজি পাই আমাক প্ৰতিহত কৰিবলৈ বিজেপি ইউপিপিএল আৰু বিপিএফ দল ঐক্যবদ্ধ হৈছে আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে নাটক কৰি আছে বুলিও অভিযোগ কৰে সাংসদ গৰাকীয়ে। বিজেপি আৰু বিপিএফৰ কাজিয়াক ঘৰুৱা কাজিয়াৰ লগত তুলনা কৰি নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজ ঐক্যবদ্ধ হৈ গণ সুৰক্ষা দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ আহ্বান জনায়। শাসক গোষ্ঠীৰ অপপ্ৰচাৰ ভয়-ভীতি তথা অনৈতিকভাৱে ভোটপৰ্ব পৰিচালনা কৰাৰ চেষ্টা কৰিলে নৱ কুমাৰ শৰণীয়াই হাত সাবটি বহি নাথাকে।

বিটিচি নিৰ্বাচনত যদি কোনো অনৈতিক পন্থা অৱলম্বন কৰি ভোট লুটৰ অপচেষ্টা চলোৱা হয় তেন্তে পৰিস্থিতি ভয়ানক হ’ব বুলি নৱ কুমাৰ শৰণীয়াই বিজেপি দলৰ প্ৰতি ইংগিতপূৰ্ণ মন্তব্য কৰে। ৰাইজে নিজেই মুক্ত আৰু নিকাভাৱে তথা সুষ্ঠু পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবেও তেওঁ বিটিচিবাসী ৰাইজক আহ্বান জনায়।