মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
৩০ ছেপ্তেম্বৰ
বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিচিত অব্যাহত আছে প্ৰতিবাদ। বিগত কিছুদিন ধৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে ধাৰাবাহিকভাৱে চলাই আছে প্ৰতিবাদ।
বুধবাৰে সন্ধিয়াৰ ভাগত পুনৰ বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শতাধিক বিপিএফ কৰ্মী হাতে হাতে মম জ্বলাই ওলাই আহিল ৰাজপথলৈ। বিপিএফ কৰ্মী সকলে ন বিটিচি ইলেকশ্যন ন ৰেষ্ট, ৰাজ্যপালৰ শাসন বাতিল কৰক, আমাক নিৰ্বাচন লাগিবই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। হাতে হাতে মম আৰু মশাল জ্বলাই ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদী সমদল উলিয়াই গোসাইগাঁও সদৰ চহৰৰ নিকটবৰ্ত্তী তেলিপাৰা অঞ্চলৰ আকাশ বতাহ উওাল কৰি তোলে প্ৰতিবাদকাৰী সকলে৷ কোকোৰাঝাৰ জিলাৰ ৫ নং শৰাইবিল সমষ্টিৰ বিপিএফ দলৰ হাৰাফুটা প্ৰাইমাৰী সমিতিৰ উদ্দোগত সন্ধিয়া ৰূপায়ন কৰা এই প্ৰতিবাদী সমদলত প্ৰায় শতাধিক বিপিএফ দলৰ নেতা-নেএী আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়।
উল্লেখ্য যে বুধবাৰেও গোসাইগাঁৱত বিপিএফ দলৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে বিটিচিত নিৰ্বাচন অমুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিপিএফ দলে বিটিচিত নিৰ্বাচন অমুষ্ঠিত নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলিও হুংকাৰ দিছে বিপিএফ দলে।