গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: বিদেশ ভৰি পৰিব অসমৰ কৃষকৰ কেচাঁ শাক-পাচলিৰে । এক ঐতিহ্যাসিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰ বিমানবন্দৰ। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা অসমৰ কেচাঁ শাক-পাচলি পটল,বেঙেনা,নেমু টেঙা,কেৰেলা,বীন,মটৰ,ঐৰহীকে ধৰি বিভিন্ন কেচাঁ সামগ্ৰী যাব বিদেশলৈ । দেওবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে নগাঁওৰ এটি চাপ্লাই কোম্পানীৰ কৃষকৰ প্ৰায় ৫ কুইন্টল কেচাঁ শাক-পাচলি বিমানযোগে উৰা মাৰে সুদুৰ ডুবাইলৈ । ইয়াৰ পুৰ্বেও অসমৰ কিছু শাক-পাচলি বিদেশলৈ গৈছিল যদিও সেয়া কলিকতাৰ বিমানবন্দৰত কাষ্টম ক্লিয়াৰেঞ্চ হৈ গৈছিল কিন্তু এতিয়াৰে পৰা পোনে পোনে কাষ্টম ক্লিয়াৰেঞ্চ হৈ যাব বৰঝাৰ বিমানবন্দৰৰ পৰা । কৃষকৰ কেচাঁ শাক-পাচলিখিনি কেৱল পেকিং কৰি লৈ আহিব লাগিব বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বাকীখিনি কামৰ দায়িত্ব ল’ব বিমানবন্দৰৰ কাষ্টম বিভাগৰ লগতে প্লেন কৰেন টায়েন বিভাগে । এই পদক্ষেপত কাষ্টম বিভাগে বহুখিনি সহায়ত হাত আগবঢ়াই যাব বুলি জনায় এয়াৰপোৰ্ট অথৰিটিৰ আৰ ই ডিয়ে। অৱশ্যে শাক-পাচলি পঠিওৱাৰ আগতে যোগাযোগ কৰিব লাগিব বিদেশত শাক-পাচলি গ্ৰহন কৰা প্ৰতিনিধিৰ লগত অথবা কোনো ৰপ্তানি কৰা কোম্পানীৰ লগত । আনহাতে অসমৰ কৃষকে পঠিৱাব লগা শাক-পাচলিৰ বাবে প্ৰত্যেক দিনাই সেৱাৰ বাবে সাজু বৰঝাৰ বিমানবন্দৰৰ অথৰিটি বিভাগৰ লগতে কাষ্টম বিভাগ । এই সুখবৰে নিশ্চয়কৈ অসমৰ কৃষক সকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই অনাৰ লগতে অসমৰ কৃষক সকলে পাব সঠিক মূল্য ।