আনিছুৰ আলী

গৌৰীপুৰ

৬ ছেপ্টেম্বৰ

ধুবুৰী জিলাৰ গৌৰীপুৰৰত অঘটন। জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাউণ্ডাৰী ওৱাল ভাঙি এগৰাকী স্কুলীয় ছাত্ৰৰ মৃত্যু। ঠিকাদাৰে নীতি বহিঃভুতভাৱে বাউণ্ডাৰী ওৱাল নিৰ্মাণ নকৰাৰ বাবেই এই মৰ্মান্তিক ঘটনাটো সংগঠিত হোৱা বুলি ৰাইজৰ অভিযোগ।

ধুবুৰী জিলাৰ গৌৰীপুৰত এক ভয়ংকৰ ঘটনা সংগঠিত হৈছে৷ শনিবাৰে নিশা প্ৰায় ৩ মান বজাত অহা ধুমুহা আৰু বৰষুণৰ ফলত গৌৰীপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত আলমগঞ্জৰ নৱম খণ্ডত অৱস্থিতত কেন্দ্ৰীয় জৱহাৰ নৱোদয় বিদ্যালয়ৰ নিৰ্মিয়ামান বাউণ্ডাৰী ওৱাল ভাঙি ওচৰত থকা কৰিম আলীৰ নামৰ লোকজনৰ চাৰিজনীয়া পৰিয়ালৰ বাসগৃহৰ ওপৰত পৰে৷ বাউণ্ডাৰী ওৱাল ভাঙি কৰিম আলীৰ বাসগৃহৰ ওপৰত পৰাত কৰিম আলীৰ ১৪ বছৰীয়া পুত্ৰ ৰমজান আলীৰ মৃত্যু হোৱাৰ লগতে কৰিম আলীৰ পত্নীও গুৰুত্বৰভাৱে আহত হয়। কৰিম আলীৰ পত্নীক ইতিমধ্যে সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাৱে বৰ্তমান গুৱাহাটী লৈ প্ৰেৰন কৰা হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ যে গুৱাহাটীৰ ৰাজেশ বেৰিয়াল নামৰ এজন ঠিকাদাৰে ছাকিল আহেমেদ নামৰ অভিযন্তাক নৱদোয় বিদ্যালয়ৰ বাউণ্ডাৰী ওৱাল নিৰ্মাণৰ দাযিত্ব দিছিল যদিও ঠিকাদাৰ আৰু অভিযন্তা গৰাকীৰ চৰম হেমাহী আৰু গাফলতিৰ ফলত এই ঘটনা সংগঠিত হোৱা বুলি ৰাইজে এক গুৰুত্বৰ অভিযোগ উখাপিত কৰিছে৷

ৰাজেশ বেৰিয়াল নামৰ ঠিকাদাৰ জনে নীতি বহিঃভুতভাৱে বাউণ্ডাৰী ওৱাল নিৰ্মাণ নকৰাৰ বাবেই এই মৰ্মান্তিক ঘটনাটো সংগঠিত হোৱা বুলি ৰাইজে ৰাজেশ বেৰিয়ালৰ কোন্পানীটোক দোষাৰূপ কৰি ক্ষোভ প্ৰকাশ কৰে। ৰাইজে লগতে বাউণ্ডাৰী ওৱাল ভাঙি মৃত্যু হোৱা ছাত্ৰ জনৰ পৰিয়ালল উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাৱী জনাইছে।