কলগাছিয়া

২৯ আগষ্ট

কলগাছিয়াৰ খাৰবাল্লীত অঘটন। বিদ্যুৎপৃষ্ঠ হৈ এজন লোকৰ মৃত্যু। বিদ্যুৎৰ তাৰ ছিঙি পৰাত থিতাতে মৃত্যু হয় নুৰ হুছেইন নামৰ এজন লোকে।

বিদ্যুৎ বিভাগৰ হেমাহীৰ বাবে পুনৰ এজন লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত শনিবাৰে ৰাতিপুৱা নুৰ হুছেইন নামৰ এগৰাকী ৪৬ বছৰীয়া লোকে মৰাপাট খেতিত যোৱাৰ সময়ত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি লোকজনৰ ওপৰত পৰাত লোকজন থিতাতে নিহত হয়। বিদ্যুৎ পৰিবাহী তাৰ ছিঙি লোক জনৰ ওপৰত পৰাত লোকজনৰ চিঞৰ শুনি ওচৰৰ প্ৰতিবেশী আহি লোকজনক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে নুৰ হুছেইনক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত স্থানত বিদ্যুৎ পৰিবাহী তাৰ চিঙিছিল যদিও তাঁৰ সলনি কৰি দিয়াৰ পৰিৱৰ্তে পুৰণি তাৰকে মেৰামতি কৰি লগাই দিছিল বিদ্যুৎ বিভাগৰ লোকে। শনিবাৰে বিদ্যুৎ বিভাগৰ হেমাহীৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে। মৃত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।