জোনমণি বেগম

বিশ্বনাথ

১৯ জুন

বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত সংঘটিত হৈছে অঘটন। পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তৰ এটা এঘাৰ হাজাৰ ভল্টৰ বিদ্যুৎ খুটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰি থকা সময়ত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলত কৰ্মচাৰীজন বিদ্যুৎপৃষ্ট হৈ খুটাৰ পৰা তললৈ পৰি যায়।

বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীজনক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও কৰ্মচাৰীজনৰ মৃত্যু হয়। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনৰ নাম অমিত ইংতি বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও বিশ্বনাথ জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ ফলত কেইবাজনো কৰ্মচাৰীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগিয়া হৈছিল।

এতিয়া প্ৰশ্ন উঠিছে বিদ্যুৎ বিভাগে কিয় বাৰম্বাৰ অস্থায়ী কৰ্মচাৰীক বলিৰ পাঠা সজাই আহিছে ? এতিয়া কোনে ল’ব মৃত্যু হোৱা অস্থায়ী কৰ্মচাৰীজনৰ পৰিয়ালৰ দায়িত্ব? ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভ উজাৰিছে। বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ ফলত মৃত্যুৰ মুখত পৰা অস্থায়ী কৰ্মচাৰীজনৰ পৰিয়ালৰ দায়িত্ব বিদ্যুৎ বিভাগে লোৱাৰ দাবী জনাইছে।