শিবেন্দু বৰা

জুৰীয়া

বিধায়কৰ দৃষ্টিত নপৰা নগাঁও জিলাৰ এখন গাঁও। ৰূপহীহাটৰ বিধায়কৰ দৃষ্টিৰ পৰা বহু আঁতৰত থকা এখন গাঁৱৰ ৰাইজে কৰিব লগা হৈছে প্ৰতিবাদ। “কা” বিৰোধী আন্দোলনত ভাষণ দিয়ে বিধায়কৰ দায়িত্ব শেষ কৰা নুৰুল হুদাৰ ওপৰত ক্ষোভিত সমষ্টিবাসী।

ৰাজ্যত “কা” বিৰোধী আন্দোলন তীব্রতৰ হৈ থকাৰ সময়ত “কা”ৰ বিৰুদ্ধে ঠায়ে ঠায়ে ভাষণ দি ফুৰা নগাঁও জিলাৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ওপৰত ক্ষোভিত সমষ্টিবাসী ৰাইজ। সমষ্টিৰ উন্নয়ৰ কথা আওকাণ কৰি “কা”ৰ বিৰুদ্ধে আন্দোলন কৰি ঠায়ে ঠায়ে ভাষণ দিয়ে বিধায়কে দায়িত্ব সামৰা নুৰুল হুদাৰ এতিয়া সময় নাই সমষ্টিবাসীৰ বাবে। “কা” আন্দোলনৰ সময়ত হাতত মাইক লৈ ভাষণ দি থকা অৱস্থাত প্ৰায়ে দেখা পোৱা গৈছিল বিধয়াক নুৰুল হুদাক নগাওঁ জিলাৰ জুৰীয়াৰ তেলিয়া বেবেজীয়া গাঁৱত, কিন্তু এতিয়া বিধায়ক গৰাকীক দর্শন নাপাই গাঁৱৰ ৰাইজে। বিধায়কৰ দৰ্শন নাপাই সমষ্টিবাসীৰ ক্ষোভ বিধায়ক নুৰুল হুদাৰ ওপৰত। বিধায়কৰ দৰে একে একে অৱস্থা পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সকলক।

নুৰুল হুদাৰ ৰূপহীহাট সমষ্টিৰ তেলিয়া বেবেজীয়া গাঁও পঞ্চায়তৰ বাট পথৰ দৃশ্যই প্ৰমাণ কৰে যে এই গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰৰ নুৰুল হুদাৰ অৱধান কিমান? চৰকাৰী ঘাইপথৰ পৰা গাঁৱৰ ভিতৰলৈ সোমোই যোৱা পথ সমুহ দেখিলে এইয়া পথ নে পথাৰ বুজিবাই নোৱাৰি। সমষ্টিটোৰ তেলীয়া বেবেজীয়া গাঁও পঞ্চায়তৰ তেলীয়া গাঁও আৰু মৰাণ গাঁৱৰ পথৰ দূৰৱস্থাৰ বাবে জীয়াতো ভূগিব লগীয়া হৈছে গাঁও দুখনৰ ৰাইজ। আনকি ৰোগীক অনা নিয়া কৰিবলৈও এই পথেৰে আহিব নোৱাৰে এম্বুলেন্স।

নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা বিধায়ক নুৰুল হুদাৰ ৰাইজৰ দুখ দুৰ্গতিৰ খবৰ লবলৈ এতিয়া সময় নাই বুলি মন্তব্য প্ৰকাশ কৰি বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে একাংশ ৰাইজে পথৰ ওপৰত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। বিধয়াক গৰাকীয়ে অতি শীঘ্ৰে পথটো মেৰামতিৰ ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্ত নিৰ্বাচনত গাঁও দুখনৰ ৰাইজে নুৰুল হুদাক উচিত শিক্ষা দিব বুলিও মন্তব্য প্ৰকাশ কৰে ক্ষোভিত ৰাইজে।