গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থাকোতে নাগৰিক পঞ্জীৰ কামকলৈ অসন্তুষ্ট প্ৰকাশ কৰি বিতৰ্কিত মন্তব্য আগবঢ়োৱা বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ সভাপতি প্ৰদীপ কলিতাই৷ বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে বিভিন্ন সময়ত নাগৰিক পঞ্জী, বাংলাদেশী, বিদেশীক লৈ বিতর্কিত মন্তব্য কৰি অহাৰ পিছত যোৱা ৬ জুলাইত ৰাষ্ট্রীয় নাগৰিক পঞ্জী তেওঁৰ বাবে মানি লোৱা কষ্টকৰ হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল। বিধায়ক গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ সভাপতি প্ৰদীপ কলিতাই কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী মানি লোৱাটো কষ্টকৰ হোৱা বুলি বিধায়ক শিলাদিত্যৰ এই কাথাষাৰে মহামান্য উচ্চতম ন্যায়ালয়ক চূড়ান্ত অৱমাননা কৰিছে৷ ৰাজ্যৰ শান্তি-শৃংখলাত ব্যাঘাত জন্মাই শিলাদিত্যৰ দৰে এগৰাকী জনপ্ৰতিনিধিয়ে এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক৷ প্ৰদীপ কলিতাই লগতে আৰু কয় যে বিধায়ক শিলাদিত্যই কোন যুক্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত বাংলাদেশীক নিয়োগ কৰা হৈছে আৰ্থাৎ নাগৰিক পঞ্জীৰ ডাটা এন্ট্রি অপাৰেটৰ হিচাপে কেইবাখনো জিলাত বাংলাদেশীক নিযুক্তি দিছে বুলি উল্লেখ কৰিলে? ডাটা এন্ট্রি অপাৰেটৰসকল যে বাংলাদেশী এই সন্দৰ্ভত বিধায়কগৰাকীৰ হাতত কি তথ্য আছে তাৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যহ্বান জনায়৷ যদি সঁচাকৈয়ে ডাটা এন্ট্রি অপাৰেটৰসকল বাংলাদেশী হয়, তেন্তে তেওঁৰ দলে বা চৰকাৰে কিয় হাত সাৱটি বহি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদীপ কলিতাই৷ ৰাজ্যখনত নাগৰিক পঞ্জীৰ কাম চলি থকাৰ মাজতে এই কামত বাধা প্ৰদান কৰি অহা একাংশ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই প্ৰদীপ কলিতাই।