পলাশবাৰী

২৮ আগষ্ট

অচিৰেই বিভাজন ঘটিব পলাশবাৰী অগপত৷ বিভাজিত ৰাজনীতিৰ মূল নায়কজন হ’ল অগপ নেতা ডাঃ কমলা কলিতা। সকলো ঠিকে ঠাকে থাকিলে অহা ৩০ আগষ্টত পলাশবাৰী অগপক দিখণ্ডিত কৰিব চতুৰ ৰাজনীতিবিদ কমলা কলিতাই ৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কমলা বাহিনীয়ে৷ অহা ৩০ আগষ্টত এক বৃহৎ ভোজ ভাতৰ আয়োজনেৰে পলাশবাৰী অগপক দুফাল কৰিব ডাঃ কমলা কলিতাই ৷

উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাই আগন্তক ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ছয়গাঁও সমষ্টিৰ পৰিবৰ্তে পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলাৰ মানসেৰে ইতিমধ্যে সমষ্টিটোত নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছে৷ বিগত দুটাকৈ নিৰ্বাচনত ছয়গাঁও সমষ্টিত কংগ্ৰেছী নেতা ৰেকিবুদ্দিন আহমেদৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিচত আগন্তুক নিৰ্বাচনতো শোচনীয়ভাৱে পৰাজিত হোৱাৰ ভয়ত সমষ্টি সলনি কৰি পলাশবাৰী সমষ্টিত নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছে অতি চতুৰ ৰাজনৈতিক নেতা কমলা কলিতাই৷ কমলা কলিতাৰ চতুৰ ৰাজনৈতিক কাৰ্যক কিন্তু মানি লোৱা নাই পলাশবাৰীৰ অগপৰ নেতা কৰ্মীয়ে৷ চতুৰ ৰাজনীতিবিদ গৰাকীয়ে আৰম্ভণিতে পলাশবাৰী সমষ্টিৰ কেইজনমান নেতা-কৰ্মীক লগত লৈ সমষ্টিটোৰ বিভিন্ন এলেকাত ঘূৰি-ফুৰি সমস্যাৰ বুজ লৈছিল যদিও লাহে লাহে পলাশবাৰীৰ অগপ নেতা-কৰ্মী সকলে বুজি উঠিছিল কমলা কলিতাৰ প্ৰকৃত উদ্দেশ্য।

অগপৰ পলাশবাৰী কমিটীৰ প্ৰাক্তন সভাপতি পংকজলোচন গোস্বামীৰ সহযোগত পলাশবাৰী সমষ্টিৰ ৰাইজৰ খবৰ লৈ ফুৰা কমলা কলিতাই ইয়াৰ মাজতেই ছয়গাঁৱলৈ পলাশবাৰীৰ কেইজনমান লোকক মাতি নি তেওঁ পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলিম বুলি ঘোষণা কৰে৷ কমলা কলিতাৰ এই কুবুদ্ধিৰ বিষয়ে জানিব পাৰি পলাশবাৰী অগপৰ সৎ তথা সক্ৰিয় কৰ্মী পংকজলোচন গোস্বামীকে ধৰি অগপ নেতা কৰ্মী সকলে কমলা কলিতাৰ সংগ ত্যাগ কৰে৷ ইয়াৰ পিচতেই কমলা কলিতাই পলাশবাৰীৰ কেইগৰাকীমান বালি মাফিয়া, ভু-মাফিয়া আৰু কাঠ বেপাৰীৰ সহযোগত এমুঠিমান ধনৰ লুভিয়া অগপ কৰ্মীক লগত লৈ আৰম্ভ কৰি দিছে নিৰ্বাচনী কুচ কাৱাজ৷ বৰ্তমান সমষ্টিটোত কমলা কলিতাই একাংশ বেপাৰী আৰু কেইজনমান অগপ কৰ্মী লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে পলাশবাৰী সমষ্টি কমিটীৰ প্ৰাক্তন সভাপতি পংকজলোচন গোস্বামীয়ে বৃহৎসংখ্যক অগপ কৰ্মীক লগত লৈ সাংগঠনিক দিশটো সবল কৰাৰ বাবে কাম কৰি আছে।

উল্লেখযোগ্য যে যোৱা ২০১১ চনৰ নিৰ্বাচনত একমাত্ৰ কমলা কলিতাৰ বাবে অগপ নেতা যতীন মালীয়ে দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছিল৷ ইয়াৰ বিপৰীতে আছুৰ পৰা অগপলৈ অহা অনুপ কুমাৰ মেধিক দলীয় টিকট দিয়া হৈছিল৷ দলীয় টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰি যতীন মালীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল৷ যতীন মালী অগপ ত্যাগ কৰাৰ পিচৰ পৰাই পলাশবাৰী সমষ্টিত অগপ দলটোক ধৰি ৰাখিছিল একমাত্ৰ পংকজলোচন গোস্বমীয়ে৷ পংকজলোচন গোস্বামীৰ দৰে পলাশবাৰী সমষ্টিৰ অন্যান্য সক্ৰিয় কৰ্মী সকলক উপলুৱা কৰি কমলা কলিতাই কেইজনমান বালি মাফিয়া, ভূমাফিয়া আৰু ধনৰ বিনিময়ত বিক্ৰী যোৱা এমুঠিমান অগপ কৰ্মীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই অহাত পলাশবাৰী সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিগত দিনকেইটাত কেৱল টকাৰে দলীয় নেতা কৰ্মীক কিনিব চেষ্টা কৰি থকা কমলা কলিতাই অহা ৩০ আগষ্টত সমষ্টিটোৰ ভাগৱতীপাৰাৰ এগৰাকী ব্যৱসায়ীৰ বৃহৎ ব্যৱসায়ীক এলেকাত এক বৃহৎ ভোজ ভাতৰ আয়োজন কৰিছে বুলি জানিবলৈ দিছে কলিতা বিৰোধী এগৰাকী নেতাই৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে বৃহৎ ভোজ ভাতৰ আয়োজনত নিমন্ত্ৰণ কৰা হোৱা নাই পলাশবাৰী অগপৰ কোনো শীৰ্ষস্থানীয় নেতা কৰ্মীৰ লগতে পংজলোচন গোস্বামীৰ দৰে কেইদিনমান আগলৈকে কমলা কলিতাৰ লগত ঘূৰি ফুৰা নেতা, কৰ্মী তথা সমৰ্থকক৷ অথচ উক্ত ভোজমেলত পাঁচ শতাধিক লোকক নিমন্ত্ৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে যদিও কোন কোন সমষ্টিৰ লোকক আৰু কেনেকুৱা লোকক নিমন্ত্ৰণ কৰা হৈছে সেয়া ৩০ আগষ্টৰ দিনাহে স্পষ্টকৈ জানিব পৰা যাব৷

ইতিমধ্যে কমলা কলিতাৰ এই ভোজমেলক লৈ চ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা তথা সমালোচনা হোৱাটো পৰিলক্ষিত হোৱা দেখা গৈছে৷ এই ভোজমেলৰ দিনাৰ পৰাই যে পলাশবাৰী অগপত উলম্ব বিভাজন ঘটিব সেইটো নিশ্চিত হৈ পৰিছে। পলাশবাৰী সমষ্টিৰ প্ৰকৃত অগপ নেতা কৰ্মীক এলাগি কৰি সমষ্টিটোৰ দুজনমান ধনৰ লুভিয়া কৰ্মীৰ লগতে বালি ব্যৱসায়ী আৰু ভূমাফিয়াক লগত লৈ কমলা কলিতাই পলাশবাৰীত নিৰ্বাচনী ৰণত নমাৰ যি পৰিকল্পনা ৰচিছে সেয়া কিমানদূৰ সফলকাম হ’ব সেয়া সময়হে ক’ব? এটা কথা ঠিক যে বিভেদকামী ৰাজনীতিত পাকৈত কমলা কলিতাই ধনৰ জোৰৰ লগতে দাবী ধমকিৰে হয়তো কিছু সংখ্যক অগপ কৰ্মী সমৰ্থকক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ’ব যদিও অধিকাংশ অগপ নেতা কৰ্মীৰ বিৰোধিতাৰ বাবেই যে নিৰ্বাচনী ৰণত তেওঁ উজুতি খাব সেয়া নিশ্চিত৷