বিলাসীপাৰা, সংবাদ ৩৬৫, ২ আগষ্টঃ স্বচ্ছতা আৰু আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰা চহৰ খনক প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যেৰে স্থানীয় বিধায়ক অশোক  কুমাৰ  সিংহৰ এক নতুন সংকল্প৷ মঙ্গল বাৰে বিধায়ক অশোক  কুমাৰ  সিংহই ধুবুৰী জিলাৰ বন প্ৰাধিকাৰী এ এছ তালুকদাৰৰ নেতৃত্বত স্থানীয় বন বিষয়া কৰ্মীক লৈ এক অভিনৱ কাৰ্য পন্থা গ্ৰহন কৰা পৰিলক্ষিত হয়৷ চহৰ খনক প্লাষ্টিক মুক্ত কৰাৰ বাবে নিজা ববীয়াকৈ চহৰৰ প্ৰতিখন ৰেষ্টুৰেন্ট, চাহৰ দোকানত বিনামূলীয়াকৈ মাটিৰ গিলাচৰ নমুনা যোগান ধৰে | লগতে প্ৰতি গৰাকী তেনে ব্যৱসায়ীক প্লাষ্টিকৰ পৰিৱৰ্তে মাটিৰ গিলাচ ব্যৱহাৰ কৰি চহৰ খনক প্লাষ্টিক মুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ যদিহে কোনো এজন ব্যৱসায়ীয়ে অহা পোন্ধৰ আগষ্টৰ পিছত প্লাষ্টিক বৰ্জন নকৰে তেন্তে আইনৰ আওতাত নি গণ্ডীত কৰিবলৈ বন প্ৰাধিকাৰীক নিৰ্দেশনা দিয়ে | বিধায়ক সিংহৰ মতে ইয়াৰ যোগেদি চহৰ খনক প্লাষ্টিক মুক্ত কৰাৰ লগতে বিলাসীপাৰাত বসবাস কৰি অহা প্ৰায় ডেৰ শ মৃত শিল্পীৰ আয়ৰ বাট প্ৰসাৰ হৈ পৰিব আৰু আমাৰ দেশীয় শিল্প এটাও জীয়াই থাকিব বুলি উল্লেখ কৰে | বিগত কুৰিটা বছৰে উন্নয়ন মুলক আঁচনিয়ে ঢুকি নোপোৱা চহৰ খনত বিধায়ক গৰাকীয়ে ৰূপায়ন কৰি আহিছে এটাৰ পিছত আন এটাকৈ আঁচনিমূলক কাম |