গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : অসম অভিনয় প্ৰতিষ্ঠানৰ উদ্যোগত বিশিষ্ট অভিনেতা ইন্দ্ৰ বণিয়াৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

২৫ মাৰ্চ ২০১৫ চনত ইন্দ্ৰ বনিয়াৰ দেহাৱসান হয় যদিও তেখেতৰ স্মৃতি যুগজয়ী কৰাৰ প্ৰয়াসেৰে ২০১৫ চনৰ পৰা বৰ্তমানলৈকে অসম অভিনয় প্ৰতিষ্ঠানৰ কৰ্ম কৰ্তা আৰু সদস্যবৃন্দই কষ্ট কৰি আহিছে।

নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী, বয়সতকৈ সৰু ল’ৰা-ছোৱালীৰ লগত আড্ডা মৰাটো ইন্দ্ৰ বনিয়াৰ স্বভাৱ। সেইবাবে অসম অভিনয় প্রতিষ্ঠানৰ প্ৰচেষ্টাত ইন্দ্ৰ বনিয়াৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ বণিয়াদেৱৰ প্রিয় বিষয় কৌতুকৰে উক্ত দিনটোত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে বহু কষ্ট আৰু ত্যাগৰ মাজেৰে কৌতুক অভিনেতা ইন্দ্ৰ বণিয়াৰ সপোন বাস্তৱত ৰূপায়িত কৰি ইন্দ্ৰ বণিয়া সোঁৱৰণি একক অভিনয় প্ৰতিযোগিতাখন সদৌ অসম ভিত্তিত পাতি আহিছে।

ইন্দ্ৰ বণিয়াই প্ৰতিষ্ঠা কৰা নাটকৰ শিক্ষানুষ্ঠান অসম অভিনয় প্ৰতিষ্ঠানৰ উদ্যোগত ২৬ মে’ত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতাখন পাতিবলৈ আয়োজন কৰা হৈছে।

উক্ত প্ৰতিযোগিতাখনত ৪ টা পুৰস্কাৰ আগবঢ়োৱা হব। প্ৰতিযোগীসকলৰ বয়সৰ সীমা ১৬ বছৰৰ পৰা ধার্য্য কৰা হৈছে। প্ৰতিযোগিতাখনত কিছু নিয়মাৱলী ৰখা হৈছে। একক অভিনয় যদিও এখন পাণ্ডুলিপি থাকিব। প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে পাণ্ডুলিপি আনিব লাগিব । পাণ্ডুলিপিৰ জৰিয়তে বাছনি কৰা হব যাতে কোনো ধৰণৰ ৰাজনৈতিক কথাৰ অৱতাৰণা কৰা নহয়। গঠনমূলক আৰু সুস্থ সাংস্কৃতিক বাৰ্তা বহন কৰা পাণ্ডুলিপিক অগ্ৰাধিকাৰ দিয়া হব। পাণ্ডুলিপি বাছনিৰ জৰিয়তে সেই পাণ্ডুলিপিক উপস্থাপন কৰিবলৈ দিয়া হব।

একক অভিনয়ৰ প্ৰথম পুৰস্কাৰ – নগদ ১৫,০০০ টকাৰ লগতে প্ৰমাণ পত্ৰৰ লগত ইন্দ্ৰ বণিয়া সোঁৱৰণি এটি স্মাৰক।

দ্বিতীয় পুৰস্কাৰ – ১০,০০০ টকা, প্ৰমাণ পত্ৰ, স্মাৰক।

তৃতীয় পুৰস্কাৰ – নগদ ৭,০০০ টকা, প্ৰমাণ পত্ৰ, স্মাৰক আৰু শ্ৰেষ্ঠ পাণ্ডুলিপিৰ কাৰণে নগদ ৫,০০০ টকা, প্ৰমাণ পত্ৰৰ লগতে এটি স্মাৰক।

অহা ২৬ মে’ তাৰিখে দিনৰ ৯-০০ বজাৰ পৰা প্ৰতিযোগিতাখন অনুষ্ঠিত হব আৰু সন্ধিয়া ৬-৩০ বজাৰ পৰা বঁটা বিতৰণী অনুষ্ঠানৰ লগতে এখনি নাট মঞ্চস্থ কৰো হব।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অভিনেতা মঞ্জিলা হাজৰিকা,মৃদুল ভূঞা, অখিল কৃষ্ণ বৰুৱা,ইনু বৰুৱা, মিনু বণিয়া,অৰুণ হাজৰিকাকে ধৰি বহুকেইজন অভিনেতা,অভিনেত্ৰী।