গুৱাহাটী

৩ জুন

অসমৰ বিশিষ্ট লেখক, সাহিত্যক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি আৰু পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই শোক প্ৰকাশ কৰি কয় যে অসমে এজন ভাল লেখক, শুসাহিত্যক তথা এজন বক্তা হেৰুৱালে।

আনহাতে ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে “ব্যক্তিগতভাৱে মই পিতৃ তুল্য ভাল এজন বন্ধু হেৰুৱালো। অসম, অসমীয়া ভাষাৰ লগতে মোৰো অপূৰণীয় ক্ষতি হ’ল। আমি একেলগে বহু অনুষ্ঠানত ভাগ লৈছিলোঁ। এই স্মৃতিয়ে আজি বহু আমনি কৰিছে। ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে হোমেন বৰগোহাঞিৰ পিছত অসমে ডঃ লক্ষ্মীনন্দন বৰাৰ ৰূপত অন্য এগৰাকী সু-সাহিত্যকক হেৰুৱালে।

উল্লেখ্য যে বৃহস্পতিবাৰে অসমৰ বিশিষ্ট লেখক, সাহিত্যক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমি আৰু পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান ঘটে। ক’ভিড ত আক্ৰান্ত হৈ যোৱা ২০ মে’ৰ পৰা গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ বিশিষ্ট সাহিত্যিক গৰাকী।