জোনমনি বেগম

বিশ্বনাথ

১৪ জানুৱাৰী

মেজিৰ লগতে জ্বলিল জ্বলিল বন বিভাগৰ কাৰ্যালয় আৰু বাহন। অপায় অমংগল দূৰ কৰাৰ বাবে নহয় ক্ষোভত জ্বলিল বিভাগৰ কাৰ্যালয় আৰু বাহন। ক্ষোভিত ৰাইজে অগ্নি সংযোগ কৰিলে বন বিভাগৰ কার্যলায়ত। ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি অগ্নি সংযোগ কৰে।

মাঘৰ প্ৰথম দিনাই পুৱা ৰাজ্যৰ প্রান্তে প্রান্তে জ্বলিল মেজি। মেজিত অগ্নি সংযোগ কৰি অপায় অমংগল দূৰ কৰাৰ বাবে ৰাইজে প্ৰাৰ্থনা জনালে অগ্নি দেৱতাক। ইয়াৰ মাজতে বিশ্বনাথ জিলাত ক্ষোভিত ৰাইজে অগ্নি সংযোগ কৰিলে বন বিভাগৰ কাৰ্যালয়ত। উৰুকাৰ আনন্দৰ মাজতে বিশ্বনাথ চাৰিআলিত সংগতি হয় এক অঘটন৷ বিশ্বনাথ চাৰিআলিতৰ বিশ্বনাথঘাটৰ মটক গাঁৱত বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় জয়ন্ত দাস নামৰ এজন লোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা এটা বনৰীয়া ম’হ ওলাই আহি আক্ৰমণ কৰে জয়ন্ত দাস নামৰ লোকজনক। বনৰীয়া ম’হটোৰ আক্ৰমণত জয়ন্ত দাস নামৰ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে জয়ন্ত দাসক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে।

একাংশ ক্ষোভিত ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি বন বিভাগৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰে। ৰাইজে লগতে বন বিভাগৰ এখন বলেৰ গাড়ীটো অগ্নী সংযোগ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লগতে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে।