জোনমণি বেগম
বিশ্বনাথ
৮ মে’

বিশ্বনাথ নগৰত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছৰ খুন্দাত থিতাতে নিহত হৈছে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। স্থানীয় সচেতন ৰাইজে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰী জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বিশ্বনাথ নগৰত শুকুৰবাৰে নিশা ১১ মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছৰ খুন্দাত থিতাতে নিহত হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। উল্লেখ যে নিশা ১১ মান বজাত বিশ্বনাথৰ পাভৈ পথেৰে দেব টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে স্কুটি লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নাইট ডিউটিত বাবে আহি থকা অৱস্থাত নগৰখনৰ পুলিচ পইন্ট অতিক্ৰম কৰাৰ মূহুৰ্ততে লক্ষীমপুৰ অভিমুখৰ পৰা আহি থকা এছ-০১-ইচি-৩১০৩ নম্বৰৰ নৈশ বাছখনে মহতিয়াই নিয়ে স্কুটি আৰোহী দেৱজিত টেৰাংক। স্কুটি আৰোহী দেৱজিৎ টেৰাং নাইট ছুপাৰৰ তলত সোমাই যোৱাত নাইট ছুপাৰখনে স্কুটি আৰোহী জনক ৰক্ষা চেষ্টা কৰি পুলিচ পইন্টৰ খুটা ভাঙি এটা বৈদুতিক খুটাও ভাঙি পেলাই। লগ লগে বিশ্বনাথৰ জনপ্ৰীয় কন্ঠ শিল্পী মানস ভাগবতী, বিপ্লব পাল, পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ স্কুটি আৰোহী জনক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি ১০৮ সেৱা মাতি দুৰ্ঘটনাগ্ৰস্থ লোকজনক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মানস ভাগবতী আৰু অন্যান্য সচেতন লোকৰ সহায়ত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাই নিয়ে। আনহাতে দুৰ্ঘটনাগ্ৰস্থ লোকজন চিকিৎসালয়ত পোৱাৰ পূৰ্বেই মৃত্যুক সাবতি লয়।