জোনমণি বেগম

বিশ্বনাথ

১১ জুন

বিশ্বনাথ জিলাৰ বাঘমাৰিৰ নুৰ হক নামৰ এজন লোকক হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নুৰ হক নামৰ ৩৬ বছৰীয়া লোক জনক নিশা ১০.৩০ মান বজাত কোনো লোকে ফোন কৰি মাতি আনি হত্যা কৰি হাত-ভৰি বান্ধি এটা বস্তাত ভৰাই বুঢ়িগাং নৈত উটুৱাই দিয়ে।

শুকুৰবাৰে বিশ্বনাথৰ ননকে জাপৰুগুৰীৰ বুঢ়িগাং নৈত উদ্ধাৰ হয় মৃত নুৰ হকৰ মৃতদেহ। ননকে জাপৰুগুৰীত বুঢ়িগাং নৈ পাৰ হৈ এগৰাকী মহিলাই পথাৰত কাম কৰা লোকক ভাত দিবলৈ যাওঁতে মহিলা গৰাকীৰ ভৰিত লাগে মৃতদেহ ভৰাই ৰখা বস্তাটো। মহিলাগৰাকীয়ে লগে লগে খবৰ দিয়ে গাঁওবাসীক। এই খবৰ বিয়পি পৰাৰ লগে লগে উক্ত স্থানত মৃত নুৰ হকৰ পৰিয়াল আহি পানীৰ পৰা উদ্ধাৰ কৰে বস্তাটো আৰু প্ৰত্যক্ষ কৰে নুৰ হকৰ মৃতদেহ।

মৃতদেহটোৰ হাত-ভৰিত ৰছীৰে বন্ধি থোৱা অবস্থাত বস্তাত ভৰাই নৈত পেলাই দিয়া হৈছিল বুলি সন্দেহ কৰা হৈছে। ইফালে যোৱা নিশাৰ পৰাই নুৰ হক ঘৰৰ পৰা নিৰুদ্দেশ হোৱা সন্দৰ্ভত মৃত নুৰ হকৰ পৰিয়ালে পুৱা বিশ্বনাথৰ জিনজিয়া থানাত দাখিল কৰিছিল এক গোচৰ। ইফালে মৃত নুৰ হকৰ পৰিয়ালৰ লোকে জনোৱা মতে মৃত নুৰ হকৰ বহু শত্ৰু আছিল।

হত্যাকাণ্ডৰ খবৰ পাই জিনজিয়া থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ তদন্ত আৰম্ভ কৰে। পৰবৰ্তী সময়তহে আৰক্ষীৰ তদন্তত ওলাব এই হত্যাকাণ্ডৰ লগত কোন জড়িত আছে। কিন্তু এনেদৰে এজন লোকক হত্যাকৰি হাত-ভৰি বান্ধি বস্তাত ভৰাই মৃতদেহ নৈত পেলাই দিয়া ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।