বিশ্বনাথ চাৰিআলি , সংবাদ ৩৬৫, ২৯ জুলাই: বিশ্বনাথৰ বিহালীত বিগত কেবাদিন ধৰি অবৈধ অৰুণাচলী সুৰাৰ বেহা চলি আছিল। এই অবৈধ অৰুণাচলী সুৰাৰ বেহাৰ বিৰুদ্ধে বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰুৱাই থানা খনৰ বিভিন্ন অঞ্চলত অভিযান অব্যাহত ৰখাৰ সময়তে যোৱা নিশা প্ৰায় ১ মান বজাত এক গোপন পম খেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত এখন ১০ চকীয়া অবৈধ অৰুণাচলী সুৰাৰ এন এল ০১জি ৩৬৫৪ ভৰ্তি ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা অবৈধ ট্ৰাক খনত ২০ লাখৰো অধিক অৰুণাচলী সুৰা থকা সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰ ইপ্ৰকাশ কৰা মতে ১০ চকীয়া অবৈধ অৰুণাচলী সুৰাৰ ভৰ্তি ট্ৰাক খন অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে গৈ আছিল তেনেতে এক খবৰ অহাত ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ অৰুণাচলী সুৰাৰ ব্যৱসায়ীয়ে অসম অৰুণাচল সীমান্তত গহপুৰ প্ৰশাসনক মেনেজ কৰি অৰুনাচলী সুৰাৰ ভৰ্তি ট্ৰাক সমুহ সৰবৰাহ কৰি এক দীৰ্ঘদিনীয়া অভিযোগ আছিল যদিও যোৱা নিশা বিহালী আৰক্ষী বিষয়া জনৰ তৎপৰতাৰ বাবে সেই কাৰ্যত অবৈধ সুৰা মাফিয়াই সফল হ’ব নোৱাৰাত বিহালীৰ বিভিন্ন দল সংগঠনে আৰক্ষী বিষয়া জনৰ দায়িত্ব কৰ্তব্যক ধন্যবাদ জনায়।