গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ: ২২ মাৰ্চ, বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়৷ এই দিৱস পালনৰ মূলতে হল বিশ্ববাসীৰ মাজত পানীৰ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰা৷  ১৯৯৩ চনৰ পৰা ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰাৰ লগতে প্ৰতি বছৰে এই দিৱসৰ লগত সংগতি ৰাখি বিশ্ববাসীৰ মাজত একো একোটা বাৰ্তা প্ৰেৰণ কৰা হয়৷ এইবাৰ এই দিৱসৰ লগত সংগতি ৰাখি বিশ্ববাসীৰ মাজত ‘পানীৰ বাবে প্ৰকৃতি’ বাৰ্তা প্ৰেৰণ কৰা হৈছে৷  পানীৰ বাবে প্ৰকৃতি’ এই বার্তাৰ দ্বাৰা পানীৰ সংকটৰে যুদ্ধ কৰিবলৈ পানীৰ প্ৰকৃতিৰ উৎসবোৰক কিভাবে ব্যৱহাৰৰ উপযোগি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ বিশ্বব্যাপী প্রকৃতিৰ ওপৰত মানুহে চলোৱা বিৰূপ কৰ্মকাণ্ডৰ ফলত বনাঞ্চল, কৃষিভূমি, নদী-নিজৰা, জলভূমি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বানপানী, খৰাং, পানী প্ৰদূষণ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। যদি এনেদৰে চলি থাকে তেন্তে ভৱিষ্যতে এটুপাল বিশুদ্ধ পানীৰ বাবে বিশ্ববাসীয়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হব। অন্যান্য দেশ সমূহৰ লগতে ভাৰতবৰ্ষটো কিছুমান ৰাজ্যত পানীৰ অভাৱ দেখিবলৈ পোৱা যায়। অসম যদিও নদী প্ৰধান দেশ তথাপিও অসমৰ বিভিন্ন অঞ্চলত এটুপাল বিশুদ্ধ পানীৰ বাবে ৰাইজ সংগ্ৰাম কৰিব লগা হয়। বানপানীৰ সময়ত যদিও ৰাজ্যখন পানীৰ তলত বুৰ গৈ থাকে তথাপিও বিশুদ্ধ পানীৰ বাবে বন্যকর্তা ৰাইজ মাজত হাহাকাৰৰ সৃষ্টি হয়।

অন্যান্য দেশ সমূহৰ লগতে ভাৰতবৰ্ষটো কিছুমান ৰাজ্যত পানীৰ অভাৱ দেখিবলৈ পোৱা যায়। অসম যদিও নদী প্ৰধান দেশ তথাপিও অসমৰ বিভিন্ন অঞ্চলত এটুপাল বিশুদ্ধ পানীৰ বাবে ৰাইজ সংগ্ৰাম কৰিব লগা হয়। খৰালিত নদীৰ বুকু খান্দি খোৱা পানী সংগ্ৰহ কৰাৰ দৃশ্য ৰাজ্যৰ বিভিন্ন গাঁও অঞ্চলত দেখিবলৈ পোৱাৰ বিপৰীতে নগৰ সমূহতো ভূগৰ্ভৰ তলত থকা পানীৰ স্তৰ নিম্নগামী হোৱাত জল সংকটত ভুগিব লগা হৈছে নগৰবাসী ৰাইজ। যদি মহানগৰী গুৱাহাটীৰ কথা কোৱা হয় তেন্তে মহানগৰীখনত থকা পাহাৰ সমূহৰ বুকু উদং কৰি আৰু জলাশয় সমূহ পুতি যি হাৰত বিল্ডিং নিৰ্মান কৰা হৈছে ইয়াৰ কুফল ইতিমধ্যে ভোগ কৰিবলৈ আৰম্ভ হৈছে মহানাগৰবাসীৰ। বাৰিষাৰ সময়ত সমগ্ৰ মহানগৰ যদিও পানীৰ তলত বোৰ যায় কিন্তু মহানগৰবাসীৰ বাবে নাই উপযুক্ত খোৱা পানী। মহানগৰীৰ ভূগৰ্ভৰ পানীৰ স্তৰ নিম্নগামী হোৱাৰ ফলত মহানগৰীত গঢ়ি উঠা বিভিন্ন ফ্লেট সমূহৰ নিৰ্মানকর্তাই যোগান ধৰিব পৰা নাই ফ্লেট মূহৰ অবাসীসকলক খোৱা পানীৰ। মহানগৰীত কেইবাসহ ফ্লেট নিৰ্মান হৈছে যদিও সেই ফ্লেট সমূহলৈ অহা নাই অবাসী কাৰণ মাত্ৰ এটাই ফ্লেট সমূহত নাই খোৱা পানী। যদি মানৱ সমাজে অনাগত জল সংকটৰ পৰা ৰক্ষা পলাবলৈ বিচাৰে তেন্তে প্ৰযুক্তিগত সমাধানৰ বিপৰীতে প্ৰকৃতিক জল উৎস সমূহৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব অন্যথা পানীৰ অভাৱত মৰুভূমিত পৰিণত হব আমাৰ এই সেউজীয়া পৃথিৱী।