জোনমণি বেগম 

বিশ্বনাথ

৫ জুন

আজি ৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে আজি ভাৰততো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেশৰ প্রান্তে প্রান্তে গছ পুলি ৰোপণৰ লগতে পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়া বস্তু হৈছে ‘পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ’। এই বিষয় বস্তুক প্ৰাধান্য প্ৰদান কৰি বিশ্ববাসীয়ে এইবাৰ পৰিৱেশ দিৱস পালন কৰে। 

অসমতো এইবাৰ ‘পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ’ বিষয় বস্তু আগত ৰাখি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বনাথৰ লগতে অসমৰ প্ৰকৃতিপ্ৰেমীৰ এটি অতি চিনাকি নাম ধৰিত্ৰী ফাউণ্ডেচন। অৱসৰ প্ৰাপ্ত অধিবক্তা কুমুদ বৰুৱাৰ দ্বাৰা গঠিত এই সংস্থাটোৱে প্ৰকৃতি ৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আছে৷ বিশ্বনাথ নগৰখনক পৰিষ্কাৰ-পৰিছন্ন কৰাৰ লগতে গছ পুলি ৰোপণ কৰি অতি জাক-জমক আৰু প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এই ধৰিত্ৰী ফাউণ্ডেচন অদ্বিতীয়৷ কেৱল বিশ্বনাথ জিলতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰাম্তৰ লগতে বিদেশতো গছ পুলি ৰোপণ কৰিছে ধৰিত্ৰী ফাউণ্ডেচনৰ স্ৰষ্টা কুমুদ বৰুৱাই৷

আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বনাথ নগৰৰ পৰা গ্ৰামাঞ্চললৈ প্ৰায় ৭ কিলোমিটাৰ পথৰ দুয়োকাষে হাজাৰৰো অধিক গছ পুলি ৰোপণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ধৰিত্ৰী ফাউণ্ডেচনে৷ ধৰিত্ৰী ফাউণ্ডেচনৰ এই পদক্ষেপক বিশ্বনাথৰ সকলোৱে একেমূখে প্ৰসংশাৰে উপচায় পেলায়৷