জোনমণি বেগম

বিশ্বনাথ

২৫ মার্চ

বিহালীত অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী অঞ্জন উপাধ্যায়ৰ ব্যতিক্ৰমী প্ৰচাৰ অভিযান। ব্যবহুল প্ৰচাৰৰ বিপৰীতে মানুহৰ ঘৰে ঘৰে গৈ ভোট প্ৰদানৰ বাবে আহ্বান অঞ্জন উপাধ্যায়ৰ। বৃহস্পতিবাৰে সন্দিয়া ৬ বজাৰ পৰা ৰাজনৈতিক দল সমূহে বন্ধ কৰিব লাগিব প্ৰচাৰ অভিযান।

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ২ টা দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে সভা, ৰেলী উলিয়াই ভোটৰ ৰাইজক আকর্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে ব্যতিক্ৰমী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে সমষ্টিটোত। প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ ব্যয়বহুল প্ৰচাৰৰ বিপৰীতে অঞ্জন উপাধ্যায়ে মানুহৰ ঘৰে ঘৰে গৈ জাহাজৰ চিনত ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। ইফালে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৰাজনৈতিক দল সমূহে প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব। নিৰ্বাচন আয়োগে ৰাজনৈতিক দল সমূহক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৪৮ ঘণ্টা পূৰ্বে প্ৰচাৰ অভিযান বন্ধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

নিৰ্বাচন আয়োগে এক পত্ৰ যোগে ঘোষণা কৰিছে যে প্ৰচাৰ অভিযান বন্ধ থকা সময়ছোৱাত ৰাজনৈতিক দল সমূহে কোনো ধৰণৰ সভা, শোভাযাত্ৰা উলিয়াব নোৱাৰিব। এই নিৰ্দেশনা উলংঘা কৰিলে জৰিমনাসহ দুবছৰৰ কাৰাবাস বৰণ কৰিবলগীয়া হ’ব পাৰে বুলিও নিৰ্বাচন আয়োগে পত্ৰ যোগে ঘোষণা কৰিছে।