অসমৰ জাতীয় জীৱনৰ প্ৰাচুৰ্য আৰু সভ্যতাৰ পৰিচয় বিহু৷ জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় লোক সংস্কৃতি বিহুৱে৷ মূলত কৃষি লগত জড়িত যদিও বিহুৱে অসমীয়া সমাজ-সংস্কৃতি-ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে৷ অসমীয়া সাজ-সজ্জাৰ লগত বিহুৰ নিবিড় সৰ্ম্পক আছে৷ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীসমূহে বিহুত পৰিধান কৰা পৰম্পৰাগত সাজ-পোছাকযোৰে জাতিটোৰ পৰিচয় দাঙি ধৰে৷
অসমীয়াৰ সাজ-সজ্জাৰ এক বিৰল চানেকি হ’ল মুগাৰ চাদৰ মেখেলা৷ এগৰাকী অসমীয়া গাভৰু বুলিলে মুগাৰ সাজযোৰ পিন্ধি, মাজেৰে সেওঁতা ফালি, কপালত ডাঙৰকৈ সেন্দুৰ ফোঁটটো লৈ, বৰহমথুৰীৰে ওঁঠদুটি বোলাই, কলডিলনীয়া খোপাতো বান্ধি, গামখাৰু পিন্ধি, দুহাতত জেতুকা বোলাই,কঁকালত হাঁচতি, তামোল, কটাৰীৰে ওলাই অহা নাৰীৰ এক পূৰ্ণ পৰিস্ফুত ৰূপ সকলোৰে দৃষ্টিত ভাঁহি আহে৷ একেদৰে পুৰুষৰ ক্ষেত্ৰত মুগাৰ দীঘল কুট্টা, কঁকালত ধূতি আৰু ডিঙিত গামোচাখন ওলোমাই অহা ব্যক্তিজন মনলৈ আহে৷
অসমীয়া সমাজ-জীৱন গামোচাৰো নিজস্ব স্বকীয় বৈশিষ্ট্য আছে৷ অসমীয়া সমাজৰ সকলো সামাজিক-ধৰ্মীয় কাম গামোচা অবিহনে অসৰ্ম্পূণ৷ বিহুৰ দিনা গামোচাখন বিহুৱান হিচাপে কান্ধত লোৱা হয়৷ তদুপৰি জ্যেষ্ঠজনক গামোচা পিন্ধাই সন্মান জনোৱাৰ উপৰি ঘৰলৈ, হুঁচৰি আহিলে মান হিচাপে গামোচা শৰাইত আগবঢ়াই দিয়াৰ পৰম্পৰা আছে৷ তদুপৰি চেনাইলৈ বুলি হাতৰ টিপাতে নিয়া বিহুৱানখনেও যেন সোঁৱৰাই দিয়ে যৌৱনে আমনি কৰা ব’হাগৰ দিন কেইটাৰ কথা৷
বিহুৱে অসমীয়া জাতিৰ পৰম্পৰাগত প্ৰমূল্যবোধক প্ৰতিনিধিত্ব কৰিছে৷ সময়ৰ সোঁতত বিৱৰ্তনৰ মাজেৰে আহি বিহুৱে নতুন ৰূপ পৰিগ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰভাৱ অসমীয়া সাজ-সজ্জাৰ ওপৰতো পৰিছে৷ অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ ঠাইত বৰ্তমান পশ্চিমীয়া সাজ-পোছাকে দখল কৰিছে৷
অসমীয়া জাতিৰ কলা-কৃষ্টিৰ ৰক্ষা কৰিবলৈ হ’লে আমি পশ্চিমীয়া সাজ-পোছাকৰ লগতে অসমৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাটো নিতান্তই প্ৰয়োজন৷ সভ্যতাৰ মাপকাঠি জুখিলেও আমি জাতিৰ অস্তিত্বক পাহৰি নগৈ বাপতি সাহোন লুইতপৰীয়া কৃষ্টি-সংস্কৃতিক বৰ অসমৰ ভেঁটিত আৰু বেছি টনকিয়াল কৰিব লাগিব৷