যতীন নাথ

মাজবাট

৬ চেপ্তেম্বৰ

বি টি আৰ চুক্তি সন্দৰ্ভত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে মন্তব্য প্ৰকাশ কৰি কয় যে একাংশ ৰাজনৈতিক দলে বি টি আৰ চুক্তিক লৈ সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।ওদালগুৰিত ইউ পি পি এল দলৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োয়ে লগতে কয় যে বি টি আৰত সকলো জনগোষ্ঠীৰে অধিকাৰ থাকিব আৰু সকলোৰে উন্নয়ন হ’ব।

ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ লামাবাৰী হাটখোলাত দেওবাৰে ইউ পি পি এল দলৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে অংশগ্রহণ কৰি কয় যে বি টি আৰ চুক্তিখনকলৈ একাংশ ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক লাভালভৰ বাবে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আমি বি টি আৰ চুক্তি কৰিছো এই অঞ্চলটোক অস্ত্ৰমুক্ত কৰাৰ বাবে। বি টি আৰত সকলো জনগোষ্ঠীৰে অধিকাৰ থাকিব আৰু সকলোৰে উন্নয়ন হ’ব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োয়ে। বি টি চিত থকা সকলো ভুমিহিনকে তিনি বিঘাকৈ ভুমি আৱন্তন দিয়া হ’ব। সকলো ভাৰতীয় নাগৰিকৰ অধিকাৰ সু-নিশ্চিত কৰা হ’ব। চুক্তিখনক লৈ কোনোৱে শংকিত হ’ব নালাগে বুলিও নিৰ্বাচনী সভাৰ ভাষণত জানিবলৈ দিয়ে প্ৰমোদ বড়োয়ে। ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে লগতে কয় যে আজি সোতৰ বছৰে বি টি চিত উন্নয়নৰ ফটা ঢোল কোবাই দুখীয়া জনসাধাৰণক কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চণা কৰিলে বি পি এফ দলে। খুটিৰ বছৰত ৰাইজৰ একো উন্নয়ন নহ’ল, উন্নয়ন হৈছে কেৱল মাত্ৰ ই এম, জি এম আৰু একাংশ বি পি এফৰ দালালৰহে। ৰাইজে সেইবাবে এইবাৰ পৰিবৰ্তন বিচাৰিছে।

নির্বাচনী সভাৰ শেষত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োয়ে কয় যে পৃথিৰাজ নাৰায়ণ মেছে অসমৰ সকলো মিডিয়াক কিনিব পাৰে। তেনেস্থলত তেওঁৰ প্ৰসংগত কথাপাতি সময় নষ্ট কৰাহে হ’ব। এনেকুৱাকৈ বহুত ব্যক্তি আহে। কোনোবা বন্ধু হৈ আৰু কোনোবা শত্ৰু হৈ। এইসকলক আমি চিনাক্ত কৰিব লাগিব। প্ৰমোদ বড়োয়ে আৰু কয় যে বি টি চি নিৰ্বাচনত ইউ পি পি এল দলে সংখ্যা গৰিষ্ঠ পোৱাটো নিশ্চিত কিন্তু কোনোবাই যদি বি টি আৰৰ উন্নয়নৰ স্বাৰ্থত একেলগে কাম কৰিব বিচাৰে আমি আকোৱালি ল’ম।