ওদালগুৰিৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৪ জুন : বি টি চিত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। এইবাৰ ওদালগুৰি থানাৰ অন্তৰ্গত মাজখুটিৰ খেমেন গাঁৱত ওদালগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। পুখুৰী এটাৰ কাষৰ জংঘলৰ মাজত পুতি থোৱা অৱস্থাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে একে-৪৭, একে-৫৬ ৰাইফলসহ বহু অস্ত্ৰ-শস্ত্ৰ।

ওদালগুৰি আৰক্ষীয়ে বুধবাৰে এক অভিযান চলাই মাজখুটিৰ খেমেন গাঁৱত পুখুৰী এটাৰ কাষৰ জংঘলৰ পৰা মাটিৰ পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ খিনিত আছে দুটা একে-৫৬ ৰাইফল, দুটা একে-৪৭ ৰাইফল, ৪ টা মেগজিন, ১৭ জাই এছ এল আৰৰ সজীৱ গুলী, ২০৩ জাই একে চিৰিজ ৰাইফলৰ সজীৱ গুলী। ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলাম আৰু ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ন পতংগীয়াৰ নেতৃত্বত ওদালগুৰি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, যোৱা ১৫ জুন তাৰিখে চিৰাং জিলাত বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে মাটিত পুতি থোৱা অৱস্থাত সেনা বাহিনী, অসম আৰক্ষী, কব্ৰা বেটেলিঅন আৰু এছ এছ বিৰ যুটীয়া অভিযানত অসম-ভূটান সীমান্তৰ গভীত অৰণ্যত মাটি পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডৰ উদ্ধাৰ হৈছিল।