গুৱাহাটী, সংবাদ ৩৬৫, ৩ মাৰ্চ : ভাৰত আৰু আফগানিস্থানৰ সম্পৰ্ক প্রাচীন আৰু সৌহাদ্যপূৰ্ণ । এই সম্পৰ্ক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উদ্যোগ লোৱাটো আফগান জনসাধাৰণে কামনা কৰে – এই মন্তব্য আফগানিস্থানৰ জেষ্ঠ সাংবাদিক আব্দুল মুজিব খালভাটগাৰৰ ।
ৰাজধানী চহৰ কাবুলৰ পৰা দেওবাৰে এক ভিডিও কনফাৰেঞ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলক উদ্দেশ্যি মুজিবে কয় যে আফগান ন- শিকাৰু আৰু বিভিন্ন ৰোগত আক্রান্ত ব্যক্তিৰ বাবে ভাৰত অন্যতম গন্তব্যস্থল ৰূপে বিবেচিত হৈছে।
তেওঁ লগতে কয় যে যুদ্ধ- বিধ্বস্ত আফগানিস্থানৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্র অত্যন্ত শোচনীয় অৱস্থাত আছে। সেয়ে বন্ধুত্বৰ খাতিৰতে সাহায্যপ্ৰাৰ্থী আফগান সকলক ভাৰতে ইতিবাচক সহাঁৰি জনাব লাগে।
নিজ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা ব্যাখ্যা কৰি মুজিবে তালিবান আৰু চৰকাৰৰ শান্তি প্ৰক্ৰিয়া বাৰে বাৰে ব্যাঘাত হোৱাৰ কথা উল্লেখ কৰে।
শেহতীয়াকৈ পাকিস্তানৰ অস্থিৰতাই এই আলোচনাত পুনৰ বাধাৰ সৃষ্টি কৰিছে, কাৰণ তালিবান আৰু মাৰ্কিন চৰকাৰৰ মাজৰ আলোচনাত মধ্যস্থতাকাৰী হিচাপে আছে ইছলামবাদৰ প্ৰশাসন।
ভাৰত পাকিস্তানৰ মাজৰ সংঘাতৰ কথা উল্লেখ কৰি মুজিবে স্পষ্ট ভাবে কয় যে নিজক সুৰক্ষা দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতবাসীৰ। সেয়েহে পাকিস্তানৰ আশ্ৰয়ত থকা সন্ত্ৰসবাদীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নতুন দিল্লীক বিভিন্ন ৰাষ্ট্ৰই সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে।
পাকমদত পুষ্ট সন্ত্ৰাসবাদী সকলৰ দ্বাৰা ভাৰতৰ লগতে আফগানিস্থানো সমানেই ক্ষতিগ্ৰস্ত বুলি উল্লেখ কৰি মুজিবে নতুন দিল্লী আৰু কাবুলৰ মাজত অধিক দৃঢ় কূটনৈতিক সম্পৰ্কৰ পোষকতা কৰে। শেহতীয়াকৈ ইৰাণৰ চাবাহৰ বন্দৰৰ জৰিয়তে আফগানিস্থান আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্পর্কৰ শুভাৰম্ভত মুজিবে সন্তোষ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা পাকিস্তানৰ অস্থিৰতাই এতিয়াৰে পৰা এই বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব।
ভাৰতৰ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিক নিজ দেশত প্ৰচুৰ জনপ্ৰিয় বুলি উল্লেখ কৰি মুজিবে কয় যে এনে বহু ধাৰাবাহিক স্থানীয় ভাষাত ডাব কৰি কেব’ল চেনেলৰ যোগেৰে তেওঁলোকৰ দেশত প্ৰচাৰ কৰা হয়।আফগান মহিলা সকলে হিন্দী ধাৰাবাহিকত ভাৰতীয় মহয়সী সকলৰ কাহিনী শুনিবলৈ ব্যগ্ৰ হৈ থাকে। সেয়ে বেছিভাগ আফগান জীয়াৰীয়ে ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
শেহতীয়াকৈ আফগানিস্থানত মহিলা শিক্ষাৰ হাৰ বৃদ্ধি পোৱা বুলি জনাই মুজিবে কয় যে তেওঁলোকৰ বেছিভাগেই ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰে।
আনহাতে, আফগানিস্থানত বাতৰি কাকত আৰু নিউজ চেনেলৰ প্ৰভাৱ লাহে লাহে জনসাধাৰণৰ মাজত হ্ৰাস পোৱাৰ কথাও দোহাৰে সাংবাদিক গৰাকীয়ে । তাৰ ঠাইত বিকল্প সংবাদ মাধ্যমৰ প্ৰতি আফগানিস্থানৰ নতুন প্ৰজন্ম আকৰ্ষিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।
শেষত তেওঁ ভাৰতৰ পৰম্পৰাগত সংবাদ মাধ্যম আৰু আফগান সাংবাদিক সকলৰ মাজত অধিক তথ্যৰ আদান- প্ৰদানত গুৰুত্ব আৰোপ কৰে। মুজিবৰ মতে গণতান্ত্ৰিক ভাৰতৰ ঐতিয্যমণ্ডিত সংবাদমাধ্যমৰ পৰা আফগান যুৱ-সাংবাদিক সকলে অভিজ্ঞতা আহৰণৰ যথেষ্ট থল আছে।