অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ  বছৰৰ আৰম্ভণিৰ প্ৰথমটো নিশা আকাশত চুপাৰমুন দেখা যোৱাৰ পিছত বছৰৰ প্ৰথমটো মাহৰ অন্তিম নিশাও আকাশত দেখা পোৱা যাব চুপাৰমুন। পিছে ৩১ জানুৱাৰীৰ নিশাৰ চুপাৰমুনটো হব ব্লুমুন অৰ্থাৎ নীলা চন্দ্ৰ। একেটা মাহত দুবাৰ পূৰ্ণিমা হলে দ্বিতীয়টো পূৰ্ণিমাৰ চন্দ্ৰটোক ইংৰাজীত ব্লুমুন অৰ্থাৎ নীলা চন্দ্ৰ বুলি কোৱা হয়। অবশ্য এইবাৰ ১৫১ বছৰ পিছত ৩১ জানুৱাৰীৰ নিশা আকাশত দেখা পোৱা যাব তিনি প্ৰকাৰৰ চন্দ্ৰ। ৩১ জানুৱাৰীৰ নিশা আকাশত দেখা পোৱা যাব চুপাৰ মুন, ব্লু মুন আৰু ব্লাড মুন। চন্দ্ৰগ্ৰহনৰ সময়ত পৃথিৱীৰ ছাঁয়ে চন্দ্ৰক পূৰ্ণগ্ৰাস কৰাৰ ফলত চান্দ্ৰটো অদৃশ্য হোৱাৰ বিপৰীতে অধিক ৰঙচুৱা হৈ পৰাত ইংৰাজীত  ইয়াক ব্লাড মুন বুলি কোৱা হয়। একেটা মাহত দুবাৰ পূৰ্ণিমা হোৱাৰ ফলত চুপাৰ মুন হৈ পৰিব ব্লু মুন আৰু একেতা নিশাই চন্দ্ৰগ্ৰহনৰ ফলত চান্দ্ৰটো হৈ পৰিব ব্লাড মুন। একেটা নিশাই চন্দ্ৰগ্ৰহণ, চুপাৰ মুন আৰু ব্লু মুনৰ নিচিনা ঘটনা সংঘটিত হোৱা অতি বিৰল যদিও ১৫১ বছৰ মূৰত এই তিনিটা ঘটনা একেলগে সংঘটিত হব ৩১ জানুৱাৰীৰ নিশা।