আজিজ আলী

নলবাৰী

১৮ মার্চ

অসম বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী যুদ্ধত। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৭ মাৰ্চত। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে টিকট লাভ কৰা প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তীব্রতৰ কৰি তোলাৰ মাজতে তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামিছে টিকট লাভ কৰা প্ৰাৰ্থী সকলে।

হাজাৰ হাজাৰ দলীয় কর্মী আৰু সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে টিকট লাভ কৰা প্ৰতিটো দলৰ প্ৰাৰ্থী সকলে। বৃহস্পতিবাৰে তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীত। বৰক্ষেত্ৰীৰ পৰা কংগ্ৰেছ দলৰ টিকট লাভ কৰা দিগন্ত বৰ্মনে এক বিশাল ৰেলী উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে। বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে এক বিশাল ৰেলীৰে মুকালমুৱাৰ বৰক্ষেত্ৰীৰ দাৰুল উম মাদ্ৰাছাত দোৱা কৰি মন্দিৰ-মাছজিদত প্ৰাৰ্থনা জনাই মুকালমুৱাৰ ৰাজীৱ ভৱনৰ পৰা লোহাৰকাঠা হৈ বৰভাগ কালাগ আৰিকুচি মৰোৱা হৈ নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলৰ নেতা-কর্মী আৰু সমৰ্থক সকলে দিগন্ত বৰ্মন জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। দিগন্ত বৰ্মনৰ মনোনয়ন পত্ৰ দাখিলৰ ৰেলীত পঞ্চাশ হেজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। মনোনয়ন পত্ৰ দখিল কৰাৰ পিছত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে নিজৰ বিজয় নিশ্চিত বুলি দাবী জনায়।

উল্লেখ্য যে ৰাজ্যত তৃতীয় আৰু অন্তিম পৰ্যায়ত অহা ৬ এপ্ৰিলত ১২ খন জিলাৰ মুঠ ৪০ টা সমষ্টিত ভোট গ্ৰহণ হ’ব। অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ নিজৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ভীৰ কৰা পৰিলক্ষিত হৈছে।