গুৱাহাটী, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰ সহিতে দেশৰ ৬খন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মঙ্গলবাৰে জাঙোৰ খাই উঠি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে এয়াৰপোৰ্ট অথৰিটি এম্পলয়ইছ ইউনিয়ন কৰ্মচাৰীসকল। এখন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰে যি পৰিকল্পনা লৈছে সেয়া কোনোপদ্ধে মানি লোৱা নহ’ব । ধাৰাবাহিক ভাৱে আন্দোলন চলাই নিয়াৰ হুংকাৰ দি উত্তৰ-পুৰ্বাঞ্চলৰ একমাত্ৰ আন্তজাৰ্তিক বিমানবন্দৰখন কোনোপদ্ধেই ব্যক্তিগতকৰন কৰিবলৈ দিয়া নহ’ব । কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহন কৰিছে সেয়া বাতিল কৰিবই লাগিব আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত এয়াৰপোৰ্ট অথৰিটি এম্পলয়ইছ ইউনিয়নয়ে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। এই ধৰ্না কাৰ্যসুচিত চি আই টি ইউ, বেংক কৰ্মচাৰী পৰিষদ আৰু এল আই চিয়েও সহযোগ কৰে। এই প্ৰতিবাদৰ বিৰুদ্ধে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰনৰ বিৰুদ্ধে মাত মাতিবলৈ অসমে বিভিন্ন দল-সংগঠনকো আহ্বান জনায় সংগঠনটোৱে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত সমগ্ৰ অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বাবে এক হতকাৰী সিদ্ধান্ত বুলিও সংগঠনটোৱে মত প্ৰকাশ কৰে।