বৰপেটা, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: এনআৰচিৰ লিগেচী নথি তালিকা ‘এ’ৰ ১৫ প্ৰকাৰৰ নথিৰ পৰা ৫ প্ৰকাৰৰ নথি বাতিল কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামা প্ৰত্যাহাৰ কৰা আৰু সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ৰাইজক জনোৱাৰ দাবীত আমছুয়ে বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত থকা মিলিনিয়াম পাৰ্কত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বৰপেটা আৰু চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ বৰপেটা জিলা আমছুই একেলগে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। এই অৱস্থান প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আমছু কৰ্মী-সদস্যই অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।