বৰপেটা, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : বৰপেটাত নিৰ্বাচনী যুজঁ ক্ৰমাৎ আকৰ্ষণীয় পৰিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। শুকুৰবাৰে আবেলি বৰপেটাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কলগাছিয়াৰ জনতাত উপস্থিত হয় অসম গণ পৰিষদৰ নেতা কমলা কলিতা। এই সভাত তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে।
আনহাতে, অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগপক গুপ্ত হত্যাকাৰীৰ দল কোৱা বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, তৰুণ গগৈ এজন মিছলিয়া ব্যক্তি আৰু তৰুণ গগৈৰ নিচিনা মিছলিয়া মানুহ ৰাজনীতিৰ ইতিহাসত দেখা নাই বুলি মন্তব্য কৰে কমলা কলিতাই। কাৰণ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কালত তেওঁ কেবাটাও আয়োগ গঠন কৰিলে আৰু আয়োগে কিয় দোষী সাব্যস্থ কৰিব নোৱাৰিলে।
ইফালে, অসম গণ পৰিষদে এন ডি এৰ সৈতে লগ লাগি অধিক উন্নয়ন কৰিব বুলি মন্তব্য কৰি অগপই তিনিটা আসনৰ ২ টা নিশ্চিত ভাবে পাব বুলি দাবী কৰে।