বৰপেটা, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰী: সমগ্ৰ দেশৰ লগতে মংগলবাৰে বৰপেটাতো ৩০ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ কৰা হয়় ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাল চৌহদত এই পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে আয়োজিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ সভাত জিলা উপায়ুক্ত, মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাস, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ দিলীপ দত্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, যুটীয়া স্বাস্হ্য সঞ্চালক ডা:তীৰ্থনাথ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্জুন চন্দ্ৰ দাস, আৰু বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডঃ ৰবীন্দ্ৰ কুমাৰ উপস্হিত থাকে৷ ইয়াৰ পূৰ্বে হিমালয়ান বাইক ৰেলীত অংশগ্ৰহণকাৰী মহিলা মনিলা দেববাৰ্মাৰ নেতৃত্বত মহিলা বাইক আৰোহী দল বৰপেটাৰ পৰা দৌলাশাল পথেৰে বাইক ৰেলী কৰি সজাগতা সৃষ্টিৰ উদ্যেশ্যে গুৱাহাটীলৈ যায় ৷