বঙাইগাঁও, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ বৰপেটা লোক সভা সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বী কোন হ’ব মই বিচাৰিয়ে পোৱা নাই ৷ এইটো এটা উৎসৱৰ নিৰ্বাচন আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকসকলে এইকেইদিন উৎসৱ কৰিব ৷ পিচত চূড়ান্ত মুহুৰ্তত চাব যে ৰাইজে আমাক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিব – এই মন্তব্য বৰপেটা লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বিধায়ক আব্দুল খালেকৰ ৷

বৃহস্পতিবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে সাধাৰণতে সমষ্টিটোত ৩০ – ৪০ হাজাৰ ভোটৰ ব্যৱধানত হৰা – জিকা হয় যদিও এইবাৰ ব্যৱধান লক্ষাধিক হ’ব ৷ এক লাখ, দুই লাখ অথবা তিনি লাখো হ’ব পাৰে আৰু লক্ষাধিক ভোটৰ ব্যৱধানত ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিব বুলি তেৱঁৰ ধাৰণা হৈছে বুলি কয় ৷

সংবাদ মেলত লোক সভা নিৰ্বাচনত মূল নিৰ্বাচনী ইচ্ছ্যু কি হ’ব বুলি সাংবাদিকে সোধাত বিধায়ক তথা লোক সভাৰ প্ৰাৰ্থী আব্দুল খালেকে কয় যে -মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিম আৰু এইটো প্ৰদেশ কংগ্ৰেছৰ এজেণ্ডাটো আছে ৷ লগতে গৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কাৰণে সংসদৰ মজিয়াত যুঁজিম ৷ সেইদৰে ডি ভোটাৰৰ যন্ত্ৰণাৰ পৰা স্বদেশী লোকসকলক মুক্তি দিয়াৰ বাবে সংসদৰ মজিয়াত যুঁজিম ৷

বঙাইগাঁও জিলাৰ ধৰ্মীয় পূণ্যস্থানসমূহক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়িবলৈ চেষ্টা কৰাৰ লগতে শুদ্ধ এন আৰ চি প্ৰস্তুত হ’ব লাগিব বুলিও কয় ৷ ইয়াৰ বাবে বিদেশীৰ নাম বাদ পৰাৰ লগতে যাতে অন্তিমজন স্বদেশীৰ নাম অন্তৰ্ভুক্তৰে এখন শুদ্ধ এন আৰ চি হয় তাৰ কাৰণে যুঁজিম ৷ তেওঁ আৰু কয় যে পূৰ্বে এনেকুৱা হৈছে যে বৰপেটা লোক সভা সমষ্টিৰ সাংসদগৰাকীয়ে বহুক্ষেত্ৰত বঙাইগাঁও জিলাৰ প্ৰতি সঠিক দৃষ্টি দিয়া নাছিল ৷ কিন্ত তেওঁ সাংসদ হ’লে বঙাইগাঁও জিলাৰ উন্নয়নত সঠিক গুৰুত্ব দিব ৷ এই জিলাখনৰ প্ৰতি তেৱঁৰএটা আত্মিক সম্পৰ্ক আছে বুলি কৈ পূৰ্বে বঙাইগাঁও চহৰত পাঁচ বছৰ কাল আছিল বুলি কয় ৷ লগতে তেওঁৰ ওপজা গাঁও আৰু ঘৰ জিলাখনৰ একেবাৰে সীমান্তত বুলিও উল্লেখ কৰে। সেয়ে জিলাখনৰ লগত এটা আত্মিক সম্পৰ্ক আছে বুলি কৈ জিলাখনৰ উন্নয়নত গুৰুত্ব দিব বুলি কয় ৷ নহ’লে জিলাখনত একো নহ’ব ৷ তেল শোধানাগাৰৰ বাহিৰে একো নাই ৷ অশোক কাগজ কলকলৈ কেৱল প্ৰতিশ্ৰুতিয়ে দি আহিছে ৷ তাৰ বিকল্প উদ্যোগো হোৱা নাই আৰু কাগজ কলটোও পুনৰ কাৰ্যক্ষম নহ’ল ৷

কাগজ কলৰ সম্পৰ্কত তেওঁ কয় যে – মই কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰিম বুলি নকও যদিও কথা দিছো যোগীঘোপাত এটা উদ্যোগ হ’ব ৷ কাগজ কলো হ’ব পাৰে অথবা আন উদ্যোগো হ’ব পাৰে ৷ কাৰণ অশোক কাগজ কলৰ যিটো বৃহৎ পৰিকাঠামো তাক ধ্বংস হ’বলৈ দিব নোৱাৰি ৷

সেইদৰে ধুবুৰী সমষ্টিটো কংগ্ৰেছে এ আই ইউ ডি এফক এৰি দিলে আৰু এ আই ইউ ডি এফে বৰপেটা সমষ্টিটো কংগ্ৰেছত এৰি দিয়া বুলি উত্থাপিত অভিযোগ সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে কয় যে এই বিষয়টো ইউ ডি এফকে সোধক ৷ ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী এগৰাকী শক্তিশালী প্ৰাৰ্থী বুলিও কয় ৷ তেওঁ ভোট বেংকক বিশ্বাস নকৰে বুলি কৈ সংখ্যালঘু আৰু সংখ্যাগুৰুৰ ভোট লাভ কৰিয়ে বিজয়ী হৈ আহে বুলিও কয় ৷ তেওঁ বিধান সভা নিৰ্বাচন খেলোতেও তেৱঁক সংখ্যালঘু আৰু সংখ্যাগুৰুকে ধৰি সকলোৱে ভোট দিয়া বুলি উল্লেখ কৰি এনে বিভাজনক বিশ্বাস নকৰে বুলি কয় ৷

আনহাতে, বৰপেটা লোক সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অধিক আছিল যদিও প্ৰাৰ্থীত্ব লাভৰ পৰা বাকীসকল বঞ্চিত হোৱাত দলত কিবা প্ৰভাৱ পেলাব নেকি বুলি সাংবাদিকে সোধাত আব্দুল খালেকে কয় যে সমষ্টিটোত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হোৱাৰ বাবে দাবীদাৰৰ সংখ্যাও বেছি আছিল ৷ মুঠ ৩২ গৰাকী দাবীদাৰ আছিল ৷ কিন্তু প্ৰাৰ্থীত্ব নাপালেও কোনো বিসম্বাদ নাই ৷ কাৰণ মই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দলৰ পাঁচজন বিধায়কে উপস্থিত আছিল ৷ বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাইনাগৰিয়েও দাবীদাৰ আছিল ৷ কিন্তু এতিয়া মোৰ লগত কাষতে বহি আছে ৷ অৱশ্যে কেতিয়াবা প্ৰাৰ্থীত্ব নাপালে মনটো অলপ বেয়া লাগে ৷ সেয়া বেলেগ কথা ৷ দলৰ স্বাৰ্থত সকলোৱে জপিয়াই পৰিছে আৰু আগন্তুক কুৰিটা দিন সকলোৱে দলৰ হৈ কাম কৰিব বুলি বিশ্বাস কৰো বুলিও কয় ৷

আনহাতে, সমষ্টিটোত তেওঁৰ বাবে এইবাৰ ইউ ডি এফ ফেক্টৰ নহয় নেকি বুলি সাংবাদিকে সোধা আন এক প্ৰশ্নত্তোৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে – মই ভাৱো যে ৰাইজ ফেক্টৰ ৷ ৰাইজে সিদ্ধান্ত লয় ৷ ব্যক্তি ডাঙৰ কথা নহয় ,ৰাইজ ডাঙৰ কথা ৷ সেই কাৰণে বিষ্ণু প্ৰসাদ ৰাভাই ৰাইজক গণ দেৱতা বুলি কৈছে ৷ সেয়ে ৰাইজেহে সিদ্ধান্ত ল’ব বুলিও কয় ৷

ইপিনে অসম গণ পৰিষদ দলক এটা ভ্ৰষ্ট ৰাজনৈতিক দল বুলি কৈ কয় যে আগতে আমাৰ এই দলটোৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছিলে ৷ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰৰ পৰা ওলাই আহিলে ৷ আমি ভাবিলো তেওঁলোকৰ শুভ বুদ্ধিৰ উদয় হৈছে ৷ কিন্তু তেওঁলোকে অকল ক্ষমতাৰ স্বাৰ্থত আকৌ চৰকাৰত চামিল হ’ল আৰু আকৌ এই বিধেয়কৰ সপক্ষে থকা দলৰ লগত মিতিৰালি কৰিলে ৷ একেলগে নিৰ্বাচনতো অৱতীৰ্ণ হৈছে ৷ এতিয়া তেওঁলোকে ৰাইজক জবাব দিয়ক ৷ বিজেপি দলে কৈ আছে যে তেওঁলোকে বিধেয়কখন আনিব আৰু অগপই কৈ আছে বিধেয়কখনৰ বিৰোধিতা কৰিব ৷ এতিয়া কোনটো সঁচা? গতিকে এই ভ্ৰষ্ট ৰাজনৈতিক দলক ৰাইজে প্ৰত্যাখ্যান কৰিব ৷ এই দলটোৰ কোনো আদৰ্শ নাই ৷

সংবাদ মেলত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কয় যে কংগ্ৰেছ দল আৰু আমিও ব্যক্তিগতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰো ৷ কাৰণ এই নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিৰ আত্মাক হত্যা কৰিছে ৷ এই বিধেয়কে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে, এই বিধেয়কে ভাৰতবৰ্ষৰ জনগণক ধৰ্মৰ নামত বিভক্ত কৰিবলৈ বিছাৰিছে ৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা হিন্দু, মুছলমান বুলি কথা নাই, সকলো বিদেশীয়ে যোৱাটো আমি বিচাৰো ৷ একে সময়তে বিদেশীৰ নামত স্বদেশী লোকৰ ওপৰত হাৰাশাস্তিৰো আমি তীব্ৰ বিৰোধিতা কৰো ৷

আনহাতে এন আৰ চি আমি শুদ্ধ হোৱাটো বিচাৰো আৰু এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হ’ব নালাগে আৰু অন্তিমজন স্বদেশীৰ নাম সন্নিবিষ্ট হ’ব লাগে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত কিছুমানে আমাৰ দল বা আমাৰ সম্পৰ্কত স্বদেশী বাঙালী হিন্দুৰ মাজত এক ভুল বুজা- বুজিৰ সৃষ্টি কৰিছে ৷ এই বিধেয়কে স্বদেশী বাঙালী হিন্দু লোককো অপমান কৰিছে ৷ যিসকলে যুগ যুগ ধৰি অসমত বসবাস কৰি আছে আৰু অসমৰ সমাজ জীৱনৰ লগত বিলিন হৈ গৈছে সেইসকল স্বদেশী বাঙালী হিন্দুসকলক অসমৰ সমাজখনে সদায় আপোন বুলি গন্য কৰি আহিছে আৰু অনাগত দিনতো গন্য কৰি যাব ৷ তেওঁলোকো অসমৰ সমাজ জীৱনৰ লগত বিলিন হৈ গৈছে ৷ সেয়ে এই বিধেয়কে তেওঁলোকক অপমানহে কৰিছে ৷ আমি ইয়াৰ বিৰোধিতা কৰিছো ৷

আনহাতে ডি ভোটাৰ সম্পৰ্কত কয় যে ভাৰতবৰ্ষত কতো ডি ভোটাৰ নাই ৷ অথচ অসমত আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰলৈ আহি শিলচৰত কৈছিলে যে তেওঁলোক ক্ষমতালৈ আহিলে ডিটেনচন কেম্প গুৰিয়াই ভাঙি পেলাব ৷ কিন্তু ভাঙি পেলোৱা নহ’ল, বৰং নতুন ডিটেনচন কেম্পহে হ’ল ৷ আমি সংসদলৈ গলে এই ডি ভোটাৰৰ যিটো চিষ্টেম তাৰ বিৰোধিতা কৰিম ৷ এই কাৰণে বিৰোধিতা কৰিম কাৰণ এখন দেশত মাত্ৰ দুই শ্ৰেণীৰ মানুহ থাকিব পাৰে ৷ সেয়া হ’ল নাগৰিক আৰু বিদেশী ৷ কোনো সন্দহজনক নাগৰিকো থাকিব নোৱাৰে আৰু কোনো সন্দেহজনক বিদেশীও থাকিব নোৱাৰে ৷ বিদেশী যাব লাগিব আৰু স্বদেশীৰ হাৰাশাস্তি হ’ব নালাগিব ৷ এই কথাত আমি অটল আৰু ইয়াক সংসদৰ মজিয়ালৈ লৈ যাম ৷

আনহাতে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ইমান দিন ধৰি বিধায়ক হৈ থকাৰ উপৰিও মন্ত্ৰী হ’ল যদিও জিলাখনৰ কোনো বিশেষ উন্নতি সাধন কৰিব নোৱাৰিলে বুলি অভিযোগ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে এই বঙাইগাঁও জিলাত ঐতিহাসিক বাঘেশ্বৰী মন্দিৰকে ধৰি বহু পূণ্যস্থান আৰু তীৰ্থস্থান আছে ৷ এই তীৰ্থস্থানসমূহক কেন্দ্ৰ কৰি ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ কৰাৰ যথেষ্ট অৱকাশ আছিল যদিও তেওঁ সেইটো নকৰিলে ৷ কিন্তু তেওঁ নিৰ্বাচিত হৈ সংসদলৈ গলে বঙাইগাঁও জিলাৰ এই তীৰ্থস্থানসমূহক ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে কেনেকৈ গঢ়ি তুলিব পাৰে সেই বিষয়ত চিন্তা কৰিব বুলিও কয় ৷

কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে আৰু কয় যে সমগ্ৰ বৰপেটা লোক সভা সমষ্টিটো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিচ পৰা ৷ সেয়ে নামনি অসমতে প্ৰয়োজন যদিও বিশেষকৈ বৰপেটা লোক সভা সমষ্টিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ’ব লাগে, যাতে এই অঞ্চলটোৰ শিক্ষাৰ মান উন্নত হয় ৷

সংবাদ মেলত বিধায়ক আব্দুল হাইনাগৰি, জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় আদিও উপস্থিত আছিল ৷ ইপিনে সংবাদ মেলৰ পিচতে কাৰ্যালয় প্ৰাংগণত দলীয় নেতা- কৰ্মীৰ উপস্থিতিত এখন সভাও অনুষ্ঠিত হয় ৷ সভাত বৰপেটা লোক সভা সমষ্টিৰ বাবে দলে প্ৰাৰ্থীত্ব প্ৰদান কৰা আব্দুল খালেকক জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল আদিকে ধৰি দলীয় নেতা – কৰ্মীসকলে বিপুলভাৱে আদৰণী জনায় ৷ সভাত নিৰ্বাচনৰ ৰণ কৌশল তথা বিভিন্ন দিশৰ ওপৰত আলোচনা হয় ৷ সভাত ইউ ডি এফ, বিজেপি, অগপ আৰু বি পি এফ দলৰ কেবাগৰাকীও নেতা- কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷

উল্লেখ্য যে কংগ্ৰেছ দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক যুৱ কংগ্ৰেছ তথা দলৰ কৰ্মীসকলে ৰাজীৱ ভৱনলৈ মটৰ চাইকেল সমদলেৰে আগবঢ়াই আনে ৷ কাৰ্যালয় প্ৰাংগণত উপস্থিত হোৱাৰ পিচতে দলৰ নেতা- কৰ্মীসকলে তেৱঁক বিপুলভাৱে আদৰণী জনায় ৷