বৰপেটা, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ অসম দেশৰ ৰাশি হল কৰ্কট৷ ৰাশি ফলমতে বৰ্ষাৰম্ভ চক্ৰত জন্ম ৰাশিত ৰাহু সপ্তমস্থানত কেতু অৱস্থান কৰাত বছৰটো ৰাজ্যখনৰ বাবে অনুকুল বুলি কব নোৱাৰি৷ ইয়াৰ ফলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাৰীৰিক আৰু মানসিক কষ্টৰ লগতে ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মঙ্গলজনক৷ বৰপেটা সত্ৰৰ জ্যোতিষী জ্যোতিৰ্ষানৱৰত্ন, বিদ্যাভূষণ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে দেওবাৰে বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰি এনেদৰে কয়। শৰ্মা দলৈৰ বৰ্ষফল গণনামতে এই বছৰত ৰাহু কেতুৰ প্ৰভাৱত ৰাজ্যত নানা অশান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান কালসৰ্প যোগ চলি থকাৰ বাবে ৰাজ্যবাসীয়ে নানা ক্ষেত্ৰত মানসিক কষ্টত ভূগিব লাগিব৷ ষষ্ঠ স্থানত শনি, মঙ্গল আৰু ৰবি মন্ত্ৰীত্বৰ ভাৰ লোৱাত ৰাজ্যত যানবাহন, ৰেল, বিমান দুৰ্ঘটনা, ৰক্তপাত, অগ্নিদাহ, বিস্ফোৰণ, হত্যা লুণ্ঠন, অপহৰণৰ দৰে হিংসাত্মক কাৰ্যকলাপ বৃদ্ধিৰ কাৰক আছে৷ সপ্তমস্থানত কেতু অৱস্থান কৰাত চুৰি ডকাইতিৰ মাত্ৰা বাঢ়িব। বছৰটোত ৰবি মন্ত্ৰীত্বৰ ভাৰ লোৱাত প্ৰাকৃতিক দুৰ্যোগ, খৰাং বতৰ অথবা বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্যৰ বিস্তৰ ক্ষতি হব পাৰে৷ এই কাৰকৰ প্ৰভাৱতে ভূমিকম্পই জনসাধাৰণৰ ধন জন সম্পত্তি ধ্বংস কৰাৰ যোগ আছে৷ আনহাতে শিল্পী, সাহিত্যিক আৰু ৰাজনৈতিক ব্যক্তিৰ মৃত্যুৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম চক্ৰ গণনা মতে, জন্ম লগ্নত কেতু সপ্তমস্থানত ৰাহু অৱস্থান কৰি থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে শাৰীৰিক, মানসিক কষ্ট ভোগ কৰাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰটো সাৱধানে থকাটো মঙ্গলজনক৷ ইয়াৰ উপৰি বৰ্ষফল গণনা মতে ভাৰতবৰ্ষৰ ৰাশি হল মকৰ৷ বৰ্ষাৰম্ভ চক্ৰত জন্ম ৰাশিত কেতু সপ্তমস্থানত, ৰাহু দ্বাদশ স্থানত শনি, মঙ্গল যুক্ত হোৱাৰ বাবে শনিৰ অশুভ প্ৰভাৱত কাশ্মীৰ, গুজৰাট, দিল্লী আৰু অসমকে ধৰি পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰাজনৈতিক অস্থিৰতা আহিব পাৰে৷ দেশৰ মূৰৰ্বীৰ আকস্কিম মৃত্যুৰ যোগ আছে বৰ্ষফল গণনাত৷ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পহিলা বহাগৰ দিনা সত্ৰৰ জ্যোতিষীৰ দ্বাৰা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসঙ্গৰ অন্তত বৰ্ষফল গণনা কৰা হয়। জ্যোতিষী গৰাকীয়ে প্ৰথমে কীৰ্তন ঘৰৰ গুৰু আসনৰ পিছত গণনা পাঠ কৰি পিছত মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা পাঠ কৰে৷ সত্ৰৰ বৰ্ষফল শুনিবলৈ ভকত আইসকলৰ উপৰি ভালেসংখ্যক পুৰুষ মহিলা সমবেত হয়৷