মাজুলী, সংবাদ ৩৬৫, ৯ আগষ্ট: বান বিধ্বস্ত মাজুলী বাসীলৈ সুখৰ বতৰা কঢ়িয়াই আনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই। সাতখনকৈ জাহাজৰ শুভাৰম্ভ ঘটাই নিমাতি মাজুলি ফেৰী সেৱালৈ যুগান্তকাৰী ৰূপান্তৰ। অৱশেষত বহু সমস্যাৰে জৰ্জৰিত মাজুলী বাসীয়ে এক নতুন পথৰ বাট বিচাৰি পালে। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত চাৰিখনকৈ অত্যাধুনিক জাহাজ আৰু তিনিখনকৈ ফেৰী চলাচল কৰিব। বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই নিমাতি মাজুলি ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰে। লগতে উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক বিমল বৰা। যুগ যুগ ধৰি মান্ধাত কালৰ আৰ্হিত চলি থকা এই সেৱালৈ এক যুগান্তকাৰী পৰিৱৰ্তনৰ সংযোজন ঘটে ঐতিহাসিক বৃহস্পতিবাৰৰ দিনটোত। নতুনকৈ চলাচল হবলগীয়া সাতখনকৈ জাহাজ আৰু ফেৰীয়ে মাজুলীৰ কেইবা ঠাইত থকা ঘাটক সামৰি লব। নিমাতিৰ পৰা কমলাবাৰী, অফলামুখ লগতে নৈৰ বুকুত দ্বিখণ্ডিত হোৱা মাজুলীৰ আহতগুৰিলৈ এই ফেৰী সেৱা চলাচল কৰিব। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এই সংযোজনক লৈ এতিয়া উৎসাহিত মাজুলিবাসী। ইফালে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে… অক্টোবৰৰ পৰা নিমাতী -মাজুলীৰ ফেৰীঘাটত অত্যাধুনিক ৰ’ৰ’ ফেৰী চলাচল হৱ। য’ত ট্ৰাক বাছ পাৰাপাৰ হৱ পাৰিব। লগতে অক্টোবৰত বহু প্ৰতীক্ষিত যোৰহাট-মাজুলী সংযোগী দলংৰ ডিপি অাৰ সম্পূৰ্ন হৱ বুলি কয়।