চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৩ মে’ :  চৰাইদেউ জিলাৰ বৰহাটত কৰ’ণা যোদ্ধা সকলক সম্বৰ্ধনা জিলা কংগ্ৰেছৰ। কৰ’ণা ভাইৰাছ বিৰোধী অৱদানৰ বাবে জিলাখনৰ সাংবাদিক, আৰক্ষী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনালে চৰাইদেউ জিলা কংগ্ৰেছে।

বিশ্বজুৰি সন্ত্ৰাসৰ চলাই থকা মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউনৰ। মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ চৰকাৰে লক ডাউন ঘোষণা কৰি দেশবাসীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে। ইয়াৰ মাজতো কিন্তু নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এচাম লোকে ঘৰৰ বাহিৰলৈ ওলাই আহি সংকটৰ এই সময়তো মানৱ জাতিক সেৱা আগবঢ়াই আছে। সমাজৰ এই সকলক লোকৰ মনোবল বৃদ্ধি কৰাৰ লগতে এই সকলক লোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ চৰাইদেউ জিলা কংগ্ৰেছে সম্বৰ্ধনা জনায়। জিলাখনত সংবাদ সেৱা আগবঢ়াই অহা সাংবাদিকসকল, বৰহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া সকলৰ লগতে দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই অহা বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কৰ্মী সকলক সোণাৰি নগৰৰ সমাজ কৰ্মী তথা চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈ, এন এচ ইউ আইৰ ৰাষ্টীয় নেতা এঞ্জয় দে, বীৰেণ বৰা, চুপ্ৰিম গগৈ প্ৰমুখ্যে কংগ্ৰেছ চৰাইদেউ জিলা সমিতি, সাপেখাতী মণ্ডল কংগ্ৰেছ আৰু এন এচ ইউ আই সদস্য সকলে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত এই সকল কৰ’ণা যোদ্ধাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰে জিলা কংগ্ৰেছে। বৰহাট আৰক্ষী থানা আৰু বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত নিৰ্দিষ্ট সামাজিক দূৰত্ব বজাই মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়।