গুৱাহাটী, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত  ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’ব লগা এদিনীয়া ক্ৰিকেট মেচৰ পূৰ্বে আজি দুয়োটা দলে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন চলায়। আজি পুৱা ৯ বজাত দুয়োটা দল বিশেষ বাছ যোগে কটকটীয়া নিৰাপত্তাৰ মাজত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন চলায়। ভাৰতীয় দলৰ অধিনায়ক বিৰাট কহলি, মহেন্দ্ৰ সিং ধোনী, শেখৰ ধৱন, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ যাদেজা, মহম্মদ ছামী, খালিল আহমেদসহ সম্পূৰ্ণ দলটোৱে অনুশীন চলায়। ৱেষ্ট ইণ্ডিজৰ সম্পূৰ্ণ দলটোৱেও ভাৰতীয় দলৰ সমান্তৰালে অনুশীলন চলায়।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় দলে অনুশীলনৰ অন্তত এক সংবাদ মেলও অনুষ্ঠিত কৰে। ভাৰতীয় দলৰ হৈ খালিল আহমেদে সংবাদ মেল সম্বোধন কৰি কৈ যে গুৱাহাটীৰ বতৰ বৰ্তমান শীতল হোৱাৰ বাবে বৰ্ষাপাৰাৰ খেল পথাৰখন বলিংৰ বাবে উপযোগী হ’ব। বৰ্ষাপাৰাত বল চুইং আৰু বাউন্স কৰিব। এছিয়া কাপত মই প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ খেলা আৰম্ভ কৰিছিলোঁ গতিকে এছিয়া কাপত মোৰ ওপৰত চাপ বেছি আছিল কাৰণ ভাল ফলাফল দেখাব পাৰিলেহে মই দলত স্থান নিশ্চিত কৰিব পাৰিম। এছিয়া কাপত ভাল ফলাফল দেখুৱাবৰ বাবে মই দলত আছোঁ। মই যিমানে ভাল ফলাফল দেখুৱাম সিমানে মই ৱৰ্ল্ড কাপৰা বাবে চাপমুক্ত হৈ থমকি। ভাৰতীয় দলৰ প্ৰাক্তন বেগী বলৰ জাহিৰ খনৰ পৰা বহুত শিকিছোঁ বুলিও মন্তব্য প্ৰকাশ কৰে ভাৰতীয় দলৰ নতুন বেগী বলৰ জনে। ভাৰতৰ লগত টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন নিম্নমানৰ আছিল যদিও এদিনীয়াত ৱেষ্ট ইণ্ডিজ দল ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় বুলিও মন্তব্য কৰে খালিল আহমেদে।