গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : অসমত জাতীয়তাবাদী ধাৰাৰ প্ৰতিষ্ঠাপক তথা পি এল পি দলৰ প্ৰতিষ্ঠাপক সভাপতি নিবাৰণ বৰুৱাৰ ৯৯ সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমত প্ৰকৃত জাতীয়তাবাদ শক্তিশালী কৰাৰ উপায় শীর্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

জাতীয়তাবাদী পুনৰ নিৰ্মান সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে বৰাদেৱৰ নীতিৰ আধাৰত যদি আমি অসম তথা উত্তৰ-পূৱৰ জনতাক এখন পতাকাৰ তলত ঐক্যবদ্ধ কৰিব নোৱাৰো তেনেহলে অঞ্চলটোৰ তলে-ওপৰে ভৰি থকা প্ৰচুৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ স্বাৰ্থত দিল্লীয়ে ইয়াৰ খিলঞ্জীয়াসকলক ধ্বংস কৰিব।

ইফালে উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হীৰেন গোহাঁইয়ে কয় যে প্ৰয়োজন হলে শুদ্ধ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে আনৰ সহায় হলেও গ্ৰহণ কৰিব লাগিব।কিছুমান ভণ্ড জাতীয়তাবাদীৰ হাতৰ পৰা অসমৰ ৰাইজক উদ্ধাৰ কৰিবলৈ নিবাৰণ বৰাৰ নীতি আদৰ্শৰ ভিত্তিত কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

ইয়াৰোপৰি বৃহস্পতিবাৰে মুকালমুৱাত দৈনিক অসমৰ সাংবাদিকক কৰা আক্ৰমণক উক্ত সভাত কঠোৰভাৱে গৰিহণা দিয়ে আৰু এই ফেচিছ চৰিত্ৰ বন্ধ কৰিবলৈ সকীয়নী দিয়ে।