নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : ভাৰততো সংঘটিত হব পাৰে শ্ৰীলংকা সদৃশ বিস্ফোৰণ। কৰ্ণাটকৰ আৰক্ষী বিভাগে ব্যক্ত কৰিছে এই আশংকা।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে তামিলনাডু, পুডুচেৰী, গোৱা আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে এজন ট্ৰাক চালকে কৰ্ণাটক আৰক্ষীক ফোন যোগে জনোৱা কেইটামান উদ্বেগজনক তথ্যৰ কথা।

তামিল আৰু ভঙা ভঙা হিন্দীত কথা পতা স্বামী সুন্দৰ সুৰ্তি নামৰ ট্ৰাকচালকজনে ফোনত জনায়, ভাৰতৰ কেইখনমান চহৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ তথ্য তেওঁ লাভ কৰিছে। তেওঁ তামিলনাডুৰ হুছুৰলৈ যোৱাৰ পথত ট্ৰাকচালকজনে এই তথ্য লাভ কৰা বুলিও ফোনত কয়।

কৰ্ণাটক আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পত্ৰত জনোৱা অনুসৰি তামিলনাডু, তেলেংগানা, কেৰালা, গোৱা, পুডুচেৰী আৰু মহাৰাষ্ট্ৰৰ কেইখনমান চহৰত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটোৱাৰ আশংকা আছে।