নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ এপ্ৰিল : বিশ্বৰ অন্যান্য কিছুমান দেশৰ সমান্তৰালে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাই আছে কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা। ভাৰতত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ১৮ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যু হৈছে ৫৯০ গৰাকীকৈ লোকৰ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ১,৩৩৬ গৰাকী লোক শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু মৃত্যু হৈছে ৪৭ গৰাকী লোকৰ।

চীনত উৎপত্তি ঘটা কভিড-১৯ কৰ’ণা ভাইৰাছ এতিয়া বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। আমেৰিকা, ইটালী, ফ্ৰান্স, স্পেইন, জাৰ্মানী আদি দেশত তাণ্ডৱ চলাই থকা এই মাৰাত্মক ভাইৰাছ ভাৰতত কিছু শান্ত যদিও বৰ্তমানলৈকে সমগ্ৰ ভাৰতত ১৮ হাজাৰতকৈও অধিক লোক সংক্ৰমিত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰলৈকে ভাৰতত ১৮,৬০১ গৰাকী লোক কভিড-১৯ কৰুণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে মৃত্যু ঘটিছে ৫৯০ গৰাকী লোকৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ১,৩৩৬ গৰাকী লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু ঘটিছে ৪৭ গৰাকী লোকৰ। ইয়াৰ মাজতে ভাল খবৰ হৈছে দেশত বৰ্তমানলৈকে ৩,২৫২ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধত জয়লাভ হৈ কৰ’ণা মুক্ত হ’বলৈ সক্ষম হৈছে। দেশত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ গতি ৰোধ কৰিবলৈ কেন্দ্ৰ চৰকাৰে দেশত অব্যাহত থকা লকডাউনৰ সময় ৩ মে’ লৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰ চৰকাৰে লকডাউনৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত আহি পৰা সংকটৰ সমাধান হিচাপে ২০ এপ্ৰিলৰ পিছৰ পৰা কিছুমান অত্যাৱশ্যকীয় আৰু প্ৰয়োজনীয় সেৱা আৰু কৰ্ম পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কিছু ৰেহাই দিছে। কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সমূহক সিদ্ধান্ত লোকৰ স্বাধীনতা প্ৰদান কৰিছে। সেইহে মঙলবাৰৰ পৰা অসম চৰকাৰে লকডাউনৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদান নকৰাকৈ চৰকাৰী কার্যলায় সমূহত পুনৰ কামকাজ আৰম্ভ কৰিছে। ৩০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰে মাস্ক পৰিধান কৰি আৰু সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰী কার্যলায় সমূহত কাম আৰম্ভ কৰিছে।

উল্লেখ্য যে, দেশত কভিড-১৯ কৰুণা ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে এইবাৰ ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ শৰীৰত কভডি-১৯ কৰুণা ভাইৰাছ ধৰা পৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ চাফাই কৰ্মীৰ শৰীৰত কভডি-১৯ কৰুণা ভাইৰাছ ধৰা পৰাৰ পিছতে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত ১০০ গৰাকী লোকক কোৱাৰেন্টাইন কৰা হৈছে।