নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই কেন্দ্ৰই গৃহমন্ত্ৰী অমিত শ্বাহৰ বিতৰ্কিত মন্তব্য ।মধ্য প্ৰদেশৰ জবলপুৰত মন্তব্য কৰে যে ভাৰতত ভাৰতীয়ৰ যিমান অধিকাৰ আছে পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰো একেই অধিকাৰ আছে ।

বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি অমিত শ্বাহে কয় ধৰ্মৰ ভিত্তিতেই দেশক ভাগ ভাগ কৰিলে কংগ্ৰেছে।

শ্বাহৰ মন্তব্য ভাগ ভাগ কৰাৰ সময়ত ভাৰতলৈ আহিবলগীয়া আছিল পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ পৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান । কিন্তু পৰিস্থিতি ঠিক নোহোৱাৰ বাবে তেওঁলোক তাতেই থাকি আহিল।

পাকিস্তানত এতিয়া ৩ৰ পৰা ৭ শতাংশ হিন্দুহে আছে । তেতিয়া কিন্তু পাকিস্তানত ৩১ শতাংশ হিন্দু আছিল ।