নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মাৰ্চ : আন্তৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলৰ সৱধানবাণী মে মাহৰ মধ্যভাগলৈ ভাৰতত কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত হ’ব পাৰে ১৩ লাখ লোক। বৰ্তমানলৈকে ভাৰত সফলতাৰে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে যদিও ভাৰতৰ এটা ভুলৰ বাবে এই মাৰাত্মক ভছিৰাছত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি।

চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত অব্যাহত আছে কভিড-১৯ কৰুণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষটো এই মাৰাত্মক ভাইৰাছে দ্ৰুত গতিত সংক্ৰমিত কৰিছে মানুহক। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত বৰ্তমালৈকে মৃত্যু হৈছে ১১ জনকৈ লোকৰ। আনহাতে ভাৰতত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ৬০০ লোকৰ শৰীৰত। ভাৰতত কভিড-১৯ কৰ’ণা ভাইৰাছত যাতে অধিক লোক সংক্ৰমিত নহয় ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশক লক ডাউন কৰাৰ কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। এতিয়া প্ৰশ্ন হ’ল চৰকাৰৰ এইবোৰ সিদ্ধান্তই পাৰিবনে ভাৰতত কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ? যদি আন্তৰাষ্ট্ৰীয় বিজ্ঞানীৰ কথা কওঁ তেন্তে বিজ্ঞানী সকলৰ মতে বৰ্তমানলৈকে ভাৰত সফলতাৰে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে। ভাৰত কিছু সফলতাও লাভ কৰিছে, কিন্তু ইয়াৰ মাজতে বিজ্ঞানী সকল শংকা প্ৰকাশ কৰিছে যে ভাৰতৰ এটা ভুল ভাৰতৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা কিমান লোক ভাৰতত সংক্ৰমিত হৈছে ইয়াৰ সঠিক তথ্য ভাৰত হাতত নাই আৰু ভাৰতৰ এই ভুল আগন্তক দিনত ভাৰতৰ বাবে বিপদ আনিব পাৰে। কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা কিমান লোক ভাৰতত সংক্ৰমিত হৈছে ইয়াৰ সঠিক তথ্য ভাৰত হাতত নথকাৰ বাবে মে মাহৰ মধ্যভাগত ভাৰতত ১ লাখৰ পৰা ১৩ লাখ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে।

বিজ্ঞানীৰ দলটোৱে লগতে জানিবলৈ দিয়ে যে ভাৰতত কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পালে ভাৰতৰ স্বাস্থ্য বিভাগৰ বাবে ইয়াৰ লগত মুকাবিলা কৰাটো অসম্ভৱ হৈ পৰিব পাৰে।