বাইহাটা চাৰিঅালি, সংবাদ৩৬৫ , ১৪ মাৰ্চ ঃ কামৰূপ জিলাৰ বাইহাটা চাৰিঅালিৰ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান ৰামানুজ একাডেমীৰ উদ্যোগত অায়োজিত ৰামানুজ টেলেন্ট হান্ট ২০১৯ পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষনা কৰাৰ লগতে বঁটা সমূহো বিতৰণ কৰা হয় । ঘোষিত ফলাফল অনুসৰি এই পৰীক্ষাত কামৰূপ জিলাৰ বেজেৰাৰ উদয়ন শান্তি নিকেটনৰ ছাত্ৰদ্বয় ক্ৰমে অনুৰাগ বৰ্মন অাৰু নিহাৰ শৰ্মাই প্ৰথম অাৰু দ্বিতীয় স্থান, পুঠিমাৰী পায়নিয়াৰ একাডেমীৰ ভ্ৰুমন কাকতি অাৰু হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেটনৰ মানসী মালাকৰে যৌথভাৱে তৃতীয় স্থান অাৰু পশ্চিম তামুলপুৰ হাইস্কুলৰ হৃষিকেশ দাসে চতুৰ্থ স্থান লাভ কৰে ।

এই উপলক্ষে একাডেমীৰ প্ৰেক্ষাগৃহত অধ্যক্ষ গৌচৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক বঁটা সমূহ প্ৰদান কৰা হয় । ইয়াৰোপৰি প্ৰথম দহ গৰাকীৰ লগতে অান বিশ গৰাকী ছাত্ৰ ছাত্ৰীক কিতাপৰ টোপোলাৰ উদ্গনি মূলক বঁটা প্ৰদান কৰা হয় ।

উল্লেখ্য যে এই পৰীক্ষাত প্ৰথম দহটা স্থান প্ৰাপ্ত সকলক এক লাখ টকাকৈ জলপানি প্ৰদানৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা (ইছৰো) , ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান( অাই অাই এছ চি) অাৰু খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (অাই অাই টি) লৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিয়া হব বুলিও একাডেমীৰ কৰ্তৃপক্ষই সভাত ঘোষণা কৰে ।

অানহাতে অধ্যক্ষ ৰহমানে নিজৰ ভাষণত এই একাডেমীয়ে বিজ্ঞান শিক্ষাৰ উত্তৰণৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়ে বাখ্যা আগবঢ়োৱাৰ লগতে ইয়াত চলি থকা বিনামূলীয়া পাঠদানত অংশ লবলৈ আহ্বান জনায় ।