নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ মাৰ্চ : ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ভাৰত যদিও কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ষ্টেজ টু’ত আছে, ভাৰত ষ্টেজ থ্ৰী লৈ যোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। ভাৰতত বিদেশলৈ নোযোৱা দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি।

বৰ্তমানলৈকে ভাৰতত বিদেশৰ পৰা অহা লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত আছিল যদিও মহাৰাষ্ট্ৰৰ আৰু পশ্চিম বংগৰ দুজন ব্যক্তিৰ বিদেশলৈ যোৱা কোনোধৰণৰ তথ্য নথকাৰ পিছতো তেওঁলোক কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। অৰ্থাৎ ভাৰতত ব্যক্তিৰ পৰা ব্যক্তিলৈ কৰ’ণা ভাইৰাছ সংক্ৰমণ আৰম্ভ হৈছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সংক্ৰমণ হাৰ অধিক হ’লে ভাৰত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ষ্টেজ থ্ৰী লৈ যোৱাৰ পূৰ্ণ সম্ভাবনা আছে। কৰ’ণা ভাইৰাছৰ দ্বাৰা যাতে ভাৰতত অধিক লোক সংক্ৰমিত নহয় ইয়াৰ বাবে যিকোনো প্ৰকাৰে ব্যক্তিৰ পৰা ব্যক্তিলৈ সংক্ৰমণত যি কোনো প্ৰকাৰে বাধা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখি “জনতা কাৰ্ফিউ” পালন কৰিবলৈ আহ্বান জনাইছিক। প্ৰধানমন্ত্ৰীৰ এই আহ্বানক দেশবাসীয়ে সঁহাৰি জনাই দেওবাৰৰ দিনটো নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি সফল কৰি তোলে “জনতা কাৰ্ফিউ”।

দেশত কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৩৪১ লৈ বৃদ্ধি পাইছে। দেওবাৰে ২৬ গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। সংক্ৰমিত লোকৰ সংখ্যাৰ সমান্তৰালে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। দেওবাৰে কৰ’ণা ভাইৰাছত আক্রান্ত এজনকৈ ব্যক্তিৰ বিহাৰ আৰু মহাৰাষ্ট্ৰত মৃত্যু হোৱাৰ পিছতে মৃতকৰ সংখ্যা ভাৰতত স্পৰ্শ কৰিছে ৬ লৈকে। বিহাৰত এজন ৩৮ বছৰীয়া যুৱকৰ মৃত্যু ঘটিছে কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ বাবে। জানিবলৈ পোৱা মতে বিহাৰত মৃত্যু ঘটা ৩৮ বছৰীয়া যুৱকজন হৈছে বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা সবাতোকৈ কম বয়সৰ ব্যক্তি। যুৱক জন কিছুদিন পূৰ্বে বিদেশৰ পৰা ভাৰতলৈ আহিছিল। আনহাতে, মহাৰাষ্ট্ৰত মৃত্যু হোৱা ব্যক্তি জনৰ বয়স হৈছে ৬৩ বছৰ।

সমগ্ৰ বিশ্বতে কৰুণা ভাইৰাছত আক্রান্ত হৈ বৰ্তমানলৈকে ১১ হাজাৰতকৈও অধিক লোকৰ মৃত্যু ঘটিছে। ১৭০খন দেশলৈ সংক্ৰমিত হোৱা কৰ’ণা ভাইৰাছৰ দ্বাৰা ২.৫ লক্ষাধিক লোক আক্রান্ত হৈছে। ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোক সকলৰ মাজত বহু বিদেশী লোক আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত ৪১ গৰাকী বিদেশী লোক আছে।