বাক্সা
১০ ছেপ্টেম্বৰ

নিজৰ ভুল স্বীকাৰ কৰিলে বি পি এফ নেতাই। সিদিনা মই তেনচনত আছিলো সেই বাবে মই তেনেকৈ কলো। হিমন্ত জেল যাব বুলি ক’ব নালাগিছিল।

বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী ফনিন্দ্ৰ বসুমতাৰীয়ে সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য প্ৰদান কৰি দুদিন পিছতে নিজৰ ভুল স্বীকাৰ কৰিলে। সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বি পি এফ দলৰ প্ৰাৰ্থী ফনিন্দ্ৰ বসুমতাৰীয়ে কৈছিল যে ”এতিয়া যেনেকৈ অখিল গগৈক বিনা কাৰণত জেলত ভৰাই থোৱা হৈছে ঠিক একেদৰে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰ শাসনলৈ নাহিলে হিমন্ত বিশ্ব শৰ্মাও জেললৈ যাব লাগিব ”। ফনিন্দ্ৰ বসুমতাৰীৰ উক্ত মন্তব্য প্ৰকাশ পোৱাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত বৃহস্পতিবাৰে ফনিন্দ্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ ভুল স্বীকাৰ কৰি কয় যে ”মই অখিল গগৈৰ মুক্তি বিচাৰো। অখিল গগৈক আইনগতভাৱে মানৱতাৰ খাতিৰত মুক্তি দিব লাগে”। বি পি এফৰ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে ”মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ যাব লাগিব বুলি মই ক’ব নালাগিছিলে। আচলতে মই  বড়ো মাধ্যমৰ ছাত্ৰ আছিলো সেয়েহে অসমীয়া কথা কোৱাত কিছু খেলি মেলি হোৱাটো স্বাভাবিক”৷

বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী ফনিন্দ্ৰ বসুমতাৰীয়ে লগতে কয় যে “সিদিনা মই তেনচনত আছিলো, সেই বাবে মই তেনেকৈ কলো।