বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৩ মাৰ্চ: বঙাইগাঁও জিলাত পূৰ্বে বিদেশী হিচাপে নাম ঘোষণা কৰা এজন ব্যক্তিয়ে এনআৰচিত নাম সন্নিবিষ্ট কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত৷ বঙাইগাঁৱৰ এটা এনএছকে চেন্টাৰৰ পৰা আৰক্ষীয়ে সুৰেশ মণ্ডল নামৰ ৫৬ বছৰীয়া বাংলাদেশী নাগৰিক এজনক গ্ৰেপ্তাৰ কৰে। বিদেশী ন্যায়াধিকৰণে ২০১৬ চনতে বিদেশী নাগৰিক হিচাপে ঘোষণা কৰা সুৰেশ মণ্ডলে মঙলবাৰে এনআৰচিত নাম অন্তৰ্ভূক্ত কৰিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে৷ বিদেশী ন্যায়াধিকৰণে বিদেশী নাগৰিক বুলি ঘোষণা কৰা পিছৰে পৰা পলাতক হিচাপে থকা সুৰেশ মাণ্ডলে এনআৰচিৰ প্ৰপত্ৰ পূৰণৰ পিছত মঙলবাৰে এনএছকে চেন্টাৰত বংশবৃক্ষ পৰীক্ষণৰ বাবে হাজিৰ হোৱাৰ সময়তে আৰক্ষীয়ে কৌশলৰে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভয়াপুৰীৰ দূৰ্গামাৰীৰ সুৰেশ মণ্ডলক ইতিমধ্য গোৱালপাৰাৰ ডিটেচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ৷