সৰভোগ, সংবাদ ৩৬৫, ১৪ জানুৱাৰী: বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ অব্যাহত থকাৰ মাজতে ভোগালীক আদৰিবলৈ সাজু হৈছে সমগ্র অসমবাসী। এতিয়া মাথো ভোগালীৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়৷ উজনি-নামনি সকলোতে দেখা গৈছে ব্যাপক প্ৰস্তুতি৷ ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ কৰি উঠিছে ৰাইজে৷ তাৰ সমান্তৰালকৈ পিছ পৰি থকা নাই দুগ্ধ নগৰী সৰভোগ৷ ভেলাঘৰ আৰু মেজিৰ সমান্তৰালভাৱে সৰভোগৰ দৈৰ দোকান সমূহও ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে সৰভোগৰ দৈৰ দোকান সমূহ ক্ৰমে, গীতিকা ষ্টোৰে দৈ ২ হাজাৰ কেজি, ক্ৰীম ২০০ কেজি, মাখন ৫০ কেজি৷ পিকু ষ্টোৰ দৈ ৩০০ কেজি, ক্ৰীম ১০০ কেজি, ঘিউ ২০ কেজি, বাহৰ চুঙাৰ দৈ ৪০০ কেজি৷ সৰভোগ দধি ভাণ্ডাৰ বাহৰ চুঙাৰ দৈ ২৬০০ কেজি, ক্ৰীম ১২০ কেজি, ঘিউ ১৫ কেজি, দৈ ৫০০ কেজি৷ এই দোকান সমূহৰ লগতে সৰভোগৰ বিভিন্ন অঞ্চলৰ ৰাইজে দৈ, ক্ৰীম, ঘিউ আৰু বাহৰ চুঙাৰ দৈৰে সাজু হৈছে ভোগালীক আদৰিবলৈ।