নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জানুৱাৰী : আজি ভোগৰ বিহু ভোগালী । ভোগালী বিহুৰ পৰম্পৰা অনুসৰি ৰাজ্যজুৰি জ্বলোৱা হৈছে মেজি । মেজিত দাহ কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি।

মাহমহৰা বিধানসভা সভাৰ সমষ্টিৰ কটকী পাপং গাঁওবাসীয়েও মেজিৰ জুইত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। সমূহ গাঁওবাসীয়ে জাতিৰ সন্ধিক্ষণত কৃষ্টি -পৰম্পৰা অনুসৰি আয়োজন কৰিছে ভোগালী।

ইফালে ৰঙিয়াৰ বটাকুছিত দুৰ্বৃত্তই জ্বলাই থৈ গ’ল “কা” আঁৰি থোৱা মেজি ঘৰ । স্থানীয় ৰাইজে পুৱা মেজি জ্বলাবলৈ আহি হতভম্ব হৈ পৰে । বিহুৰ দিনাই দুস্কৃতিকাৰীৰ এনে কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে ৰাইজে।