বৰপেটা, সংবাদ ৩৬৫, ১৭ জুলাইঃ পূৰ্ণগতিতত চলি আছে এনআৰচি প্ৰস্তুতিৰ কাম ৷ অহা ৩০ জুলাইত প্ৰকাশ কৰা হব এন আৰ চিৰ সম্পূৰ্ণ তালিকা। এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশৰ সময় চমু চাপি অহাৰ সময়তে মংগলবাৰে বৰপেটাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে গ্ৰহন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মংগলবাৰে বৰপেটা জিলা আমছুৱে গ্ৰহন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আমছুৱে গ্ৰহন কৰে এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক সীমান্ত আৰক্ষীয়ে ডি ভোটাৰ সজোৱাৰ লগতে সন্দেহজনক বিদেশীৰ নামত জাননী প্ৰেৰণ কৰা কাৰ্যৰ বিৰোধিতা কৰে আমছুৱে ৷ আনহাতে এন আৰ চি প্ৰস্তুতৰ কামত বাধা প্ৰদান কৰিব বিচৰা শক্তি সমুহক চিনাক্ত কৰিবলৈকো দাবী তোলে আমছুৱে ৷ সন্দেহজনক নাগৰিকৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত সীমান্ত আৰক্ষীয়ে চলোৱা হাৰাশাস্তি বন্ধ কৰাৰ বাবে আমছুৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত সীমান্ত আৰক্ষীৰ হাৰাশাস্তি বন্ধ নহলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছু নেতৃত্বই ৷