ওদালগুৰি

১১ ছেপ্টেম্বৰ

বি পি এফ দলৰ হৈ ভোট বিচাৰি ৰাইজৰ খেদা খালে বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ কাৰ্যকৰী সভানেত্ৰী। ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰী ওমেন জ্যাষ্টিক ফ’ৰামৰ সভানেত্ৰী। কিছুদিন পূৰ্বে বি পি এফ’ত যোগদান কৰিছিল অঞ্জলী দৈমাৰী।

বি টি চি পৰিষদীয় নিৰ্বাচনকলৈ বড়ো ভূমিত প্ৰতিটো ৰাজনৈতিক দল তৎপৰতা হৈ পৰিছে। বিশেষকৈ হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে পুনৰ বড়ো ভূমিৰ শাসন নিজৰ হাতলৈ আনিবলৈ বিভিন্ন ৰণকৌশল অৱলম্বন কৰাৰ পৰিবৰ্তে প্ৰমোদ বড়োৰ ইউ পি পি এল অপ্ৰাণ চেষ্টা চলাইছে এইবাৰ বি পি এফ’ক ৰোধিবলৈ। বি টি চিৰ প্ৰধান ৰাজনৈতিক দল দুটাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ গাঁৱে গাঁৱে সোমাই পৰিছে। ইয়াৰ মাজতে বি পি এফ দলৰ হৈ প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ খেদা খাকে বি পি এফ দলৰ সমৰ্থক তথা বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ কাৰ্যকৰী সভানেত্ৰী।

সততে ৰাইজৰ আগত নিকা ভাৱমূক্তিৰ পৰিচয় দি অহা বড়ো ওমেন জ্যাষ্টিক ফৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰৈমালী মোচাহাৰীয়ে বি পি এফ দলৰ হৈ ভোট খুজিবলৈ গৈ ৰাইজৰ হাতত পহু খেদা খালে ওদালগুৰি জিলাত। ওদালগুৰিৰ ৩৫ নং মুদৈবড়ি সমষ্টিৰ অন্তৰ্গত ভকটপাৰা পুনীয়া গাঁৱত বৃহস্পতিবাৰে সাংগো পাংগোসহ উপস্থিত হৈছিল সংগঠনৰ কেইবাগৰাকী নেত্ৰী, উদ্দেশ্য আগন্তুক বিটিচি নিৰ্বাচনত গাঁৱবাসীয়ে পুনৰবাৰ বি পি এফ দলক ভোট দিব লাগে, কিন্তু গাঁৱবাসী ৰাইজ আগৰ পৰাই বি পি এফ দলৰ বিৰুদ্ধে ক্ষোভত জ্বলি আছিল। তেনে মুহূৰ্তত বি পি এফ দলৰ হৈ ভোট বিচাৰিবলৈ যোৱা দলটোক ৰাইজে গাঁওখনৰ পৰা পহু খেদা দি খেদি পঠিয়াই।

বি পি এফ দলৰ হৈ ভোট ভিক্ষা কৰিবলৈ গৈ বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰাইজৰ খেদা খোৱা ঘটনাই ওদালগুৰি জিলা ব্যাপক চৰ্চ্চা লাভ কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰিছিল।