অজয় দাসৰ সহযোগত ধনজিৎ দাস

গুঞ্জন চৌধুৰী ভ্ৰাম্যমাণ জগতৰ সাম্প্ৰতিক সময়ৰ এজন সুদক্ষ আৰু প্ৰতিভাবান অভিনেতা যিজন অভিনেতাই নিজৰ অভিনয় দক্ষতাৰে অভিনয় জগতখনত নিজকে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। সৰুৰে পৰা অভিনয়কে সাধনা কৰি লোৱা পাঠশালাৰ নিবাসী গুঞ্জন চৌধুৰী বৰ্তমান হৈ পৰিছে ভ্ৰাম্যমাণ মঞ্চৰ এখন অতিকৈ জনপ্রিয় আৰু চিনাকি নাম। “শাহু-বোৱাৰী” ধাৰাবাহিকখনৰ যোগেদি সাংস্কৃতিক জগতখনত অভিনয়ৰ পাতনি মেলা গুঞ্জন চৌধুৰী কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক তথা ভিডিঅ এলবামত অভিনয় কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

গুঞ্জন চৌধুৰীয়ে “পাতাল ভৈৰৱী”, “তুমি অনন্যা”, “এফআইআৰ”, “অপৰাধ”, “আছাম ফাইট বেক”, “নন্দিনী”, “বেহাৰবাৰী আউটপোষ্ট”কে ধৰি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি নিজৰ অভিনয় দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। অভিনেতা গুঞ্জন চৌধুৰীয়ে পোন প্ৰথমবাৰৰ বাবে আশীৰ্বাদ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ জগতখনত খোজ পেলাই পিছত ক্ৰমে কহিনুৰ থিয়েটাৰ, থিয়েটাৰ ভাগ্যদেৱী, ইতিহাস থিয়েটাৰ, বৃন্দাবন থিয়েটাৰৰ মঞ্চতো অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। অভিনেতা গুঞ্জন চৌধুৰীয়ে “ৰুমাল”, “মালৱিকা মোৰ বান্ধৱী”, “দুচকু”, “ডকাইত”, “বদমাছ”, “ৰোমাঞ্চ”, “মহাষ্টমী”ৰ দৰে বিভিন্ন জনপ্ৰিয় নাটকত অভিনয় কৰি নিজৰ দক্ষতা দাঙি ধৰিছে। ২০১৮-১৯ নাট্যবৰ্ষত এইজন প্ৰতিভাৱান অভিনেতাক পুনৰ দেখিবলৈ পোৱা যাব বৃন্দাবন থিয়েটাৰৰ মঞ্চত।